৩ আগষ্টত আদালতে শাস্তি ঘোষণা কৰিব শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ দোষীৰ

হত্যাকাণ্ডত অভিযুক্ত গোবিন্দ সিংঘাল, মাতৃ আৰু ভগ্নীক দোষী ঘোষণা কৰিছে আদালতে।

News18-Assam
Updated:August 1, 2019, 2:07 PM IST
৩ আগষ্টত আদালতে শাস্তি ঘোষণা কৰিব শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ দোষীৰ
হত্যাকাণ্ডত অভিযুক্ত গোবিন্দ সিংঘাল, মাতৃ আৰু ভগ্নীক দোষী ঘোষণা কৰিছে আদালতে।
News18-Assam
Updated: August 1, 2019, 2:07 PM IST
শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ গোচৰ সন্দৰ্ভত আদালতত শুনানি। ৩ আগষ্টত শাস্তি ঘোষণা কৰিব সত্ৰ ন্যায়াধীশৰ আদালতে। আজি আদালতত শাস্তি সন্দৰ্ভত দুয়োপক্ষৰ শুনানি সম্পন্ন। শ্বেতা আগৰৱালাৰ হত্যাকাণ্ডত অভিযুক্ত গোবিন্দ সিংঘাল, মাতৃ আৰু ভগ্নীক দোষী ঘোষণা কৰিছে আদালতে।

উল্লেখযোগ্য যে ২০১৭ চনৰ ৪ ডিচেম্বৰত প্ৰেমিক গোবিন্দ সিংঘালে নৃশংসভাৱে হত্যা কৰিছিল ছাত্ৰী শ্বেতা আগৰৱালক। নিজৰ ঘৰতে গোবিন্দই হত্যা কৰিছিল শ্বেতাক। গোবিন্দৰ বাসগৃহৰ বাথৰুমত অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হৈছিল শ্বেতাৰ মৃতদেহ। সিংঘালৰ মাতৃ আৰু ভগ্নীয়েও সহযোগ কৰিছিল হত্যাকাণ্ডত। আদালতে তিনিওকে দোষী সাব্যস্ত কৰাৰ পিছতে দোষীৰ ফাঁচিৰ দাবী তোলে শ্বেতাৰ পিতৃয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি