শ্বেতা হত্যাকাণ্ডৰ ৰায়, অভিযুক্ত তিনিওকে দোষী সাব্যস্ত আদালতৰ, শ্বেতাৰ পিতৃয়ে বিচাৰিলে দোষীৰ ফাঁচি

২০১৭ চনৰ ৪ ডিচেম্বৰত প্ৰেমিক গোবিন্দ সিংঘালে নৃশংসভাৱে হত্যা কৰিছিল ছাত্ৰী শ্বেতা আগৰৱালক।

News18-Assam
Updated:July 30, 2019, 11:32 AM IST
শ্বেতা হত্যাকাণ্ডৰ ৰায়, অভিযুক্ত তিনিওকে দোষী সাব্যস্ত আদালতৰ, শ্বেতাৰ পিতৃয়ে বিচাৰিলে দোষীৰ ফাঁচি
২০১৭ চনৰ ৪ ডিচেম্বৰত প্ৰেমিক গোবিন্দ সিংঘালে নৃশংসভাৱে হত্যা কৰিছিল ছাত্ৰী শ্বেতা আগৰৱালক।
News18-Assam
Updated: July 30, 2019, 11:32 AM IST
গুৱাহাটী মহানগৰীৰ চাঞ্চল্যকৰ শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ ৰায় দিলে আদালতে। অভিযুক্ত গোবিন্দ সিংঘাল আৰু তেওঁৰ মাতৃ আৰু ভগ্নীক দোষী সাব্যস্ত কৰিলে জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে। ২০জনকৈ সাক্ষীয়ে সাক্ষ্যদান কৰে আদালতত। অভিযুক্ত পক্ষৰ হৈ তিনিজনৰ সাক্ষ্য দান।

উল্লেখযোগ্য যে ২০১৭ চনৰ ৪ ডিচেম্বৰত প্ৰেমিক গোবিন্দ সিংঘালে নৃশংসভাৱে হত্যা কৰিছিল ছাত্ৰী শ্বেতা আগৰৱালক। নিজৰ ঘৰতে গোবিন্দই হত্যা কৰিছিল শ্বেতাক। গোবিন্দৰ বাসগৃহৰ বাথৰুমত অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হৈছিল শ্বেতাৰ মৃতদেহ। সিংঘালৰ মাতৃ আৰু ভগ্নীয়েও সহযোগ কৰিছিল হত্যাকাণ্ডত।

আদালতৰ ৰায়ৰ পিছতে দোষীৰ ফাঁচিৰ দাবী তোলে শ্বেতাৰ পিতৃয়ে। কাইলৈ তিনি দোষীৰ শাস্তি ঘোষণা কৰাৰ সম্ভাৱনা আছে।
আৰু চাওক পৰৱৰ্তী বাতৰি