কি শাস্তি হ’ব শ্বেতা হত্যাকাণ্ডৰ ৩ দোষীৰ, আজি ঘোষণা কৰিব আদালতে

আদালতে এই হত্যাকাণ্ডত দোষী সাব্যস্ত কৰিছে শ্বেতাৰ প্ৰেমিক গোবিন্দ সিংঘাল, গোবিন্দৰ মাতৃ আৰু ভগ্নীক।

News18-Assam
Updated:August 1, 2019, 8:24 AM IST
কি শাস্তি হ’ব শ্বেতা হত্যাকাণ্ডৰ ৩ দোষীৰ, আজি ঘোষণা কৰিব আদালতে
আদালতে এই হত্যাকাণ্ডত দোষী সাব্যস্ত কৰিছে শ্বেতাৰ প্ৰেমিক গোবিন্দ সিংঘাল, গোবিন্দৰ মাতৃ আৰু ভগ্নীক।
News18-Assam
Updated: August 1, 2019, 8:24 AM IST
আজি গুৱাহাটী মহানগৰীৰ চাঞ্চল্যকৰ শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ ৩ দোষীৰ শাস্তি ঘোষণা কৰিব আদালতে। জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে ঘোষণা কৰিব শাস্তি। আদালতে এই হত্যাকাণ্ডত দোষী সাব্যস্ত কৰিছে শ্বেতাৰ প্ৰেমিক গোবিন্দ সিংঘাল, গোবিন্দৰ মাতৃ আৰু ভগ্নীক। ২০জনকৈ সাক্ষীয়ে সাক্ষ্যদান কৰিছিল আদালতত। অভিযুক্ত পক্ষৰ হৈ সাক্ষ্য দান কৰিছিল তিনিজনে।

উল্লেখযোগ্য যে ২০১৭ চনৰ ৪ ডিচেম্বৰত প্ৰেমিক গোবিন্দ সিংঘালে নৃশংসভাৱে হত্যা কৰিছিল ছাত্ৰী শ্বেতা আগৰৱালক। নিজৰ ঘৰতে গোবিন্দই হত্যা কৰিছিল শ্বেতাক। গোবিন্দৰ বাসগৃহৰ বাথৰুমত অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হৈছিল শ্বেতাৰ মৃতদেহ। সিংঘালৰ মাতৃ আৰু ভগ্নীয়েও সহযোগ কৰিছিল হত্যাকাণ্ডত। আদালতে তিনিওকে দোষী সাব্যস্ত কৰাৰ পিছতে দোষীৰ ফাঁচিৰ দাবী তোলে শ্বেতাৰ পিতৃয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি