মুখ্যপৃষ্ঠা »খবৰ »অসম »Nalbari News: মুহূৰ্ততে নলবাৰীত খালী হৈ পৰিল মিঠাইৰ দোকান ! 

Nalbari News: মুহূৰ্ততে নলবাৰীত খালী হৈ পৰিল মিঠাইৰ দোকান ! 

মুহূৰ্ততে নলবাৰীত খালী হৈ পৰিল মিঠাইৰ দোকান ! 

মুহূৰ্ততে নলবাৰীত খালী হৈ পৰিল মিঠাইৰ দোকান ! 

এই হেন সৰু নলবাৰী জিলাখনৰ পৰা ৮ জনকৈ মেধাবী শিক্ষাৰ্থীয়ে শীৰ্ষ ১০ জনীয়া তালিকাখনত স্থান পাইছে ৷ সেয়েহে প্ৰায় সকলো মিঠাই দোকানৰ আলমাৰী নিমিষতে খালী হ'ল ৷ মিঠাই নিবলৈ বুলি আহি সুদাহাতেই উভতিল বহুজন ৷

  • Share this:
নলবাৰী, ২২ মে': চহৰখন সৰু ৷ সেই অনুপাতে মিঠাইৰ দোকানৰ সংখ্যাও স্বাভাৱিকতে কম ৷ গতিকে লাগিল হাহাকাৰ ৷ সাধাৰণতে মেট্ৰিকৰ ফলাফল বুলিলে দুই তিনিদিনৰ পূৰ্বৰে পৰাই পৰীক্ষাত বহাই হওক নবহাই হওক সকলোৰে মাজত বিৰাজ কৰে এক উৎকন্ঠা ৷ কিন্তু বিশেষ কোনোধৰণৰ আগজাননী নোহোৱাকৈ আজি পুৱা ১০ বজাত ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷

লগে লগে মানুহেৰে ভৰি নলবাৰীৰ সকলো মিঠাইৰ দোকান ৷ মিঠাইৰ দোকানত হেচা-ঠেলা নহবই বা কিয় ! এই হেন সৰু নলবাৰী জিলাখনৰ পৰা ৮ জনকৈ মেধাবী শিক্ষাৰ্থীয়ে শীৰ্ষ ১০ জনীয়া তালিকাখনত স্থান পাইছে ৷ সেয়েহে প্ৰায় সকলো মিঠাই দোকানৰ আলমাৰী নিমিষতে খালী হ'ল ৷ মিঠাই নিবলৈ বুলি আহি সুদাহাতেই উভতিল বহুজন ৷

শেহতীয়া বাতৰি