• Home
  • »
  • News
  • »
  • assam
  • »
  • প্ৰেম এনেকুৱাই...! সুদূৰ ছুইডেনৰ পৰা আহি নলবাৰীৰ বোৱাৰী হ’ল এলিভিয়া

প্ৰেম এনেকুৱাই...! সুদূৰ ছুইডেনৰ পৰা আহি নলবাৰীৰ বোৱাৰী হ’ল এলিভিয়া

প্ৰেম হয়তো এনেকুৱাই, সকলো বাধাৰ প্ৰাচীৰ ভাঙি শেষত সদায়েই যেন জয় হয় প্ৰেমৰ। নলবাৰীৰ দ্বীপেন আৰু ছুইডেনৰ এলিভিয়াৰ ক্ষেত্ৰতো যেন তেনেকুৱাই হ’ল।

  • Share this:
বানেধোৱা নলবাৰীত এখন ব্যতিক্ৰমী বিবাহ। বান বিধস্ত জিলাখনৰ গোৱৰাদল গাঁৱত উখল-মাখল পৰিৱেশ। কাৰণ কইনা হৈছে সাত সাগৰ তেৰ নদী সিপাৰৰ সুদূৰ ছুইডেনৰ। ছুইডেনৰ জীয়ৰী এলিভিয়াই স্বামী বৰিলে নলবাৰীৰ দ্বীপেনক। ফেচবুকৰ জৰিয়তে চিনাকি হৈ সুদূৰ ছুইডেনৰ পৰা আহি অসমৰ নলবাৰী জিলাৰ গোৱৰাদলৰ বোৱাৰী হ'ল এলিভিয়া।

জিলাখনৰ গোৱৰাদল গাঁৱৰ চামতিয়াপাৰা চুবুৰীৰ দ্বীপেন মেধিয়ে ছ'চিয়েল মিডিয়াযোগে চিনাকি হৈছিল ছুইডেনৰ এলিভিয়াৰ সৈতে। ইয়াৰ পিছতে দুয়োৰে মাজত আৰম্ভ হৈছিল প্ৰেম। ফেচবুকৰ চিনাকি সূত্ৰেই দুয়োৰে মাজত আৰম্ভ হোৱা প্ৰেমে অৱশেষত পালে পূৰ্ণতা। সম্পূৰ্ণ অসমীয়া ৰীতি-নীতিৰ মাজেৰে দুয়ো আবদ্ধ হ’ল বিবাহপাশত।

কৰ্মসূত্ৰে দিল্লীত থকা গোৱৰাদলৰ দ্বীপেন আৰু ছুইডেনৰ এলিভিয়াৰ বিবাহ চাবলৈ ভিৰ কৰে ভালেসংখ্যক লোক। আয়তীৰ উৰুলিৰ মাজেৰে মাহ-হালধিৰে গা ধুওৱাৰ পিছত দুয়োজনে ধর্মীয় ৰীতি-নীতিৰ মাজেৰে যুগ্মজীৱনৰ আৰম্ভ কৰে।

প্ৰেম হয়তো এনেকুৱাই, সকলো বাধাৰ প্ৰাচীৰ ভাঙি শেষত সদায়েই যেন জয় হয় প্ৰেমৰ। নলবাৰীৰ দ্বীপেন আৰু ছুইডেনৰ এলিভিয়াৰ ক্ষেত্ৰতো যেন তেনেকুৱাই হ’ল। দুয়োৰে বিবাহ এতিয়া ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে চৰ্চিত।
Published by:Sanjay Kumar Das
First published: