মুখ্যপৃষ্ঠা »খবৰ »অসম »Auniati University : বৈষ্ণৱ মাৰ্গেৰে পৰিচালিত হ'ব মাজুলীৰ আউনীআটী বিশ্ববিদ্যালয়, উপাচাৰ্যৰ শপতগ্ৰহণ অনুষ্ঠান সম্পন্ন

Auniati University : বৈষ্ণৱ মাৰ্গেৰে পৰিচালিত হ'ব মাজুলীৰ আউনীআটী বিশ্ববিদ্যালয়, উপাচাৰ্যৰ শপতগ্ৰহণ অনুষ্ঠান সম্পন্ন

মাজুলীত আউনীআটি বিশ্ববিদ্যালয়ৰ শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন ॥বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰূপে শপত ল'লে ড° ডম্বৰুধৰ নাথে ॥

মাজুলীত আউনীআটি বিশ্ববিদ্যালয়ৰ শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন ॥বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰূপে শপত ল'লে ড° ডম্বৰুধৰ নাথে ॥

মাজুলীত আউনীআটি বিশ্ববিদ্যালয়ৰ শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন ॥বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰূপে শপত ল'লে ড° ডম্বৰুধৰ নাথে ॥

  • Share this:

পৰিৱৰ্তনশীল সমাজ যিমানেই উন্নয়নৰ দিশলৈ ধাৱমান হৈছে সিমানে যেন হেৰাই গৈছে মানৱতা আৰু মূল্যবোধৰ শিক্ষা। সময়সাপেক্ষ পৰিৱেশ সৃষ্টি কৰাৰ বাবে সত্ৰানুষ্ঠান সদায়ে দায়বদ্ধ, সেইকাৰণে এখন শৈক্ষিক প্ৰতিষ্ঠানৰ প্ৰয়োজন হৈছে, য'ত সকলো বিষয়ৰ লগতে মানৱতাৰ শিক্ষাও প্ৰদান কৰা হয়। সেই উদ্দেশ্যে আউনীআটী বিশ্ববিদ্যালয়খন গঢ় দিয়া হ'ব। এই মন্তব্য ড°পীতাম্বৰদেৱ গোস্বামীৰ।


ঐতিহাসিক আউনীআটী সত্ৰৰ পৃষ্ঠপোষকতাত আৰম্ভ কৰিবলৈ লোৱা আউনীআটী সত্ৰ বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য হিচাপে মাজুলীৰ সন্তান, বিশিষ্ট শিক্ষাবিদ, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাচাৰ্য  ড° ডম্বৰুধৰ নাথক আজি আনুষ্ঠানিকভাৱে দায়িত্ব অৰ্পণ কৰা হয়। এই উপলক্ষে আজি দিনৰ ১২ বজাৰ পৰা আউনীআটী সত্ৰৰ ৰংঘ মঞ্চত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান আয়োজন কৰি ড° নাথক শপত বাক্য পাঠ কৰাই বিশ্ববিদ্যালয়ৰ আচাৰ্য  আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে।


আউনীআটী সত্ৰৰ বৈষ্ণৱসকলে পৰিৱেশন কৰা সমূহীয়া বৰগীতেৰে শুভাৰম্ভ হোৱা  গাম্ভীৰ্যপূৰ্ণ  অনুষ্ঠানটোত উদ্দেশ্য ব্যাখ্যা কৰে  বিহপুৰীয়া মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° হৰিনাৰায়ণ শৰ্মাই। আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰদেৱ গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা উক্ত শপতগ্ৰহণ অনুষ্ঠানত  মাজুলীৰ বিভিন্ন শিক্ষা অনুষ্ঠানৰ মুৰব্বী, শিক্ষাবিদ,শিক্ষা অনুৰাগী আদি উপস্থিত থাকে।


অসমৰ বিশিষ্ট ঘোষক প্ৰকাশ বৰপূজাৰীয়ে আঁত ধৰা সভাত আউনীআটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন মনোনীত উপাচাৰ্য  ড° ডম্বৰুধৰ নাথক উপাচাৰ্য পদত অধিষ্ঠিত কৰে। নৱমনোনীত উপাচাৰ্য ড° ডম্বৰুধৰ নাথক সত্ৰীয়া পাগুৰি, গোবিন্দ মহাপ্ৰভুৰ নিৰ্মালি, পাটৰ চেলেং, লণ্ডনৰ পৰা অনা পাখি কলম, ডায়েৰী আদিৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত ভাষণ দি আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ দেৱগোস্বামীয়ে আউনীআটি বিশ্ববিদ্যালয়ৰ লক্ষ্য, উদ্দেশ্য অৱগত কৰে।


উল্লেখ্য, উক্ত বিশ্ববিদ্যালয়ৰ শাখা মাজুলীৰ লগতে টীয়ক, কলীয়পানী, ডিব্ৰুগড়, নগাঁও, তেজপুৰ, লখিমপুৰ, গুৱাহাটীৰ শাখা সত্ৰত কেম্পাছ খোলা হ'ব। আউনীআটি বিশ্ববিদ্যালয়ত শাৰীৰিক শিক্ষা, আধ্যাত্মিক শিক্ষা,পৰম্পৰাগত  ক্ৰীড়া, বিভিন্ন সাংস্কৃতিক বিষয় হিচাপে খোলা হ'ব। অসমৰ বিভিন্ন ব্যক্তিৰ নামত বিভিন্ন বিভাগ খোলাৰ লগতে  সাংবাদিকতা বিভাগ, বি এড কলেজ আদি আউনীআটী বিশ্ববিদ্যালয়ৰ অধীনত আৰম্ভ কৰা হ'ব বুলি সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে ভাষণত উল্লেখ কৰে। উল্লেখযোগ্য যে আউনীআটি বিশ্ববিদ্যালয়ত বাধ্যতামূলক হ'ব আধ্যাত্মিক শিক্ষা। সকলো বিষয়ৰ লগতে আধ্যাত্মিক শিক্ষা গ্ৰহণ কৰাটো বাধ্যতামূলক বুলি উল্লেখ কৰে সত্ৰাধিকাৰগৰাকীয়ে।


উপাচাৰ্য ড° ডম্বৰুধৰ নাথে নিজৰ দায়িত্ব গ্ৰহণ কৰি অসমৰ  সত্ৰসমূহে বৌদ্ধিক ঐতিহ্য বহন কৰি থকা বুলি কৈ আউনীআটী সত্ৰই  সোতৰ শতিকাৰ পৰা আধ্যাত্মিক, বৌদ্ধিক, সামাজিক দিশত বিভিন্ন অৱদান আগবঢ়াইছে বুলি কয়। নতুন আউনীআটী বিশ্ববিদ্যালয়ত সকলো বিজ্ঞান, কাৰিকৰী শিক্ষা, কলা, বাণিজ্য আদিৰ নতুন বিষয় অন্তৰ্ভুক্ত হৈ থাকিব আৰু এই  বিষয়সমূহ সত্ৰীয়া পৰম্পৰা আৰু বৈষ্ণৱ মাৰ্গেৰে পৰিচালিত হ'ব বুলি ড০ ডম্বৰুধৰ নাথে উল্লেখ কৰে।


শেহতীয়া বাতৰি