মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Swahid Nazmul Haque : মাত্ৰ তিনিমাহ পূৰ্বে মাতৃৰ আশীৰ্বাদ লৈ আহিছিল মিজোৰাম সীমান্তৰ শ্বহীদ নাজমূল হক, বৰপেটাৰ ঘৰত শোকাকুল পৰিবেশ৷

Swahid Nazmul Haque : মাত্ৰ তিনিমাহ পূৰ্বে মাতৃৰ আশীৰ্বাদ লৈ আহিছিল মিজোৰাম সীমান্তৰ শ্বহীদ নাজমূল হক, বৰপেটাৰ ঘৰত শোকাকুল পৰিবেশ৷

News18 Assam | News18-Assam
Updated:July 27, 2021, 3:31 PM IST
Swahid Nazmul Haque : মাত্ৰ তিনিমাহ পূৰ্বে মাতৃৰ আশীৰ্বাদ লৈ আহিছিল মিজোৰাম সীমান্তৰ শ্বহীদ নাজমূল হক, বৰপেটাৰ ঘৰত শোকাকুল পৰিবেশ৷
এই ঘটনা দূৰ্ভাগ্যজনক বুলি অভিহিত কৰি নাজমূলৰ পৰিয়ালৰ লোকে কয় যে চীন, পাকিস্তান বা বাংলাদেশৰ বিৰুদ্ধে যুঁজ দি শ্বহীদ হ'বলগা হ'লে দুখ নালাগিলহেঁতেন। 

এই ঘটনা দূৰ্ভাগ্যজনক বুলি অভিহিত কৰি নাজমূলৰ পৰিয়ালৰ লোকে কয় যে চীন, পাকিস্তান বা বাংলাদেশৰ বিৰুদ্ধে যুঁজ দি শ্বহীদ হ'বলগা হ'লে দুখ নালাগিলহেঁতেন। 

  • Share this:
মিজো আৰক্ষীৰ গুলীত শ্বহীদ হোৱা অসম আৰক্ষীৰ জোৱান নাজমূল হকৰ ঘৰত শোকাকুল পৰিবেশ। বৰপেটা জিলাৰ হাউলীৰ কদমগুৰি গাঁৱৰ বাসগৃহত বিৰাজ কৰিছে শোকাকুল পৰিবেশ ৷

কনিষ্ঠ পুত্ৰক হেৰুৱাই কান্দোনত ভাঙি পৰিছে বৃদ্ধ মাতৃ ৷ আনহাতে জ্যেষ্ঠ ভাতৃৰ লগতে পৰিয়ালৰ লোক আৰু গাঁওবাসীৰ চকুতো বিৰিঙিছে চকুপানী ৷ সোমবাৰে মিজো সীমান্তৰ লাইলাপুলত মিজো আৰক্ষী আৰু মিজো দুৰ্বৃত্তৰ  বৰ্বৰ আক্ৰমণত শ্বহীদ হোৱা ৫ গৰাকী আৰক্ষীৰ জোৱানৰ ভিতৰত আছে বৰপেটাৰ হাউলীৰ কদমগুৰি গাঁৱৰ হাবেজউদ্দিনৰ পুত্ৰ নাজমূল হক ।

মৃত্যুৰ সময়ত জোৱানজনৰ বয়স আছিল ৪০ বছৰ ৷ ২০০১ চনত অসম আৰক্ষীৰ ৬ নং এপিবিএনত যোগদান কৰিছিল নাজমূলে। কিন্তু সোমবাৰে তেওঁৰ আকস্মিক মৃত্যুৰ খবৰে পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলবাসীকে শোকাহত কৰি তুলিছে ।

সোমবাৰে দেহত গুলী লগাৰ পিছতে ঘৰলৈ ফোন কৰিছিল জোৱানজনে ৷ তিনিমাহ পূৰ্বে ঘৰলৈ আহি গৈছিল জোৱানজন ৷ ৬ জন ভাই ককাই আৰু ৩ গৰাকী ভগ্নীৰ ভিতৰত নাজমূল আছিল কনিষ্ঠ পুত্ৰ ৷ পৰিয়ালটোৰ নাজমূলেই আছিল একমাত্ৰ চাকৰিয়াল ৷

মৃত্যুৰ সময়ত বৃদ্ধ মাতৃ আৰু ভাই-ভনীৰ লগতে পত্নী আৰু দুই শিশু সন্তানক এৰি গৈছে আৰক্ষী জোৱানজনে ৷ নাজমূল হক শিলচৰত কৰ্মৰত হৈ থকাৰ বাবে তেওঁৰ সৈতে  শিলচৰতে আছিল পত্নী আৰু দুই সন্তান ৷ সন্তান দুটিৰ এটিৰ বয়স ১১ বছৰ আৰু আনটোৰ বয়স ৮ বছৰ ৷

এনেদৰে নিজ দেশৰ ভিতৰতে আৰক্ষীৰ গুলিত শ্বহীদ হবলগীয়া হোৱাটোক দূৰ্ভাগ্যজনক ঘটনা বুলি অভিহিত কৰি নাজমূলৰ পৰিয়ালৰ লোকে কয় যে চীন, পাকিস্তান বা বাংলাদেশৰ বিৰুদ্ধে যুঁজ দি শ্বহীদ হ'বলগা হ'লে দুখ নালাগিলহেঁতেন।   লগতে ইয়াৰ পিছত আন কোনো যাতে এনেদৰে শ্বহীদ হ'বলগা নহয় তাৰবাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শীঘ্ৰে সীমাসমস্যা সমাধানৰ আহ্বান জনাইছে পৰিয়ালটোৱে ৷
Published by: Manjumoni Borah
First published: July 27, 2021, 3:27 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি