আজি শ্বহীদ দিৱস, গহপুৰত বিভিন্ন দল–সংগঠনৰ উদ্যোগত শ্বহীদ দিৱসৰ আয়োজন

শ্বহীদ দিৱসৰ দিনটোত কনকলতা আৰু মুকুন্দ কাকতিৰ বীৰত্ব, ত্যাগ আৰু পৰাক্ৰমক শ্ৰদ্ধাৰে স্মৰণ কৰিছে ৰাজ্যবাসীয়ে।

News18-Assam
Updated:September 20, 2019, 1:57 PM IST
আজি শ্বহীদ দিৱস, গহপুৰত বিভিন্ন দল–সংগঠনৰ উদ্যোগত শ্বহীদ দিৱসৰ আয়োজন
শ্বহীদ দিৱসৰ দিনটোত কনকলতা আৰু মুকুন্দ কাকতিৰ বীৰত্ব, ত্যাগ আৰু পৰাক্ৰমক শ্ৰদ্ধাৰে স্মৰণ কৰিছে ৰাজ্যবাসীয়ে।
News18-Assam
Updated: September 20, 2019, 1:57 PM IST
আজি শ্বহীদ দিৱস। ২০ ছেপ্টেম্বৰৰ দিনটোতে শ্বহীদ হৈছিল ভাৰত ত্যাগ আন্দোলনৰ সেনানী কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি। শ্বহীদ দিৱসৰ দিনটোত কনকলতা আৰু মুকুন্দ কাকতিৰ বীৰত্ব, ত্যাগ আৰু পৰাক্ৰমক শ্ৰদ্ধাৰে স্মৰণ কৰিছে ৰাজ্যবাসীয়ে। গহপুৰত বিভিন্ন দল–সংগঠনৰ উদ্যোগত আয়োজন কৰা হৈছে শ্বহীদ দিৱসৰ।

১৯৪২ চনৰ আজিৰ দিনটোতে জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত চলা ভাৰত ত্যাগ আন্দোলনৰ সেনানী হিচাপে বৰঙাবাৰীৰ কনকলতা বৰুৱা আৰু শ শ মুক্তিযুঁজাৰু গহপুৰ আৰক্ষী থানাত ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ ওলাই আহিছিল। সেই সময়তে গহপুৰ থানাৰ সমুখত ব্ৰিটিছ আৰক্ষীৰ গুলীত শ্বহীদ হৈছিল কনকলতা বৰুৱা।

কনকলতা গুলীবিদ্ধ হৈ মাটিত ঢলি পৰাৰ পিছত ত্ৰিৰংগাখন খামুচি ধৰি আগুৱাই গৈছিল মুকুন্দ কাকতি। তাৰ পিছতে মুকুন্দ কাকতিয়েও ব্ৰিটিছৰ আৰক্ষীৰ গুলীত মৃত্যুক সাবটি লৈছিল। কিন্তু দেশমাতৃৰ বাবে আত্মবলিদান দিয়া বীৰাংগনা কনকলতা বৰুৱা আৰু বীৰ মুকুন্দ কাকতিৰ পৰিয়াল আজিও অৱহেলিত চৰকাৰী সা–সুবিধাৰ পৰা।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি