• Home
  • »
  • News
  • »
  • assam
  • »
  • Suzam Uddin Laskar : ''চাহ-মিঠাই খাই ৰাউণ্ড টেবুলত মিটিং কৰি লাভ নাই, ফলপ্ৰসূ ব্যৱস্থা ল'ব লাগিব।'' অসম-মিজোৰামৰ সীমা সমস্যাক লৈ সুজামুদ্দিন লস্কৰ

Suzam Uddin Laskar : ''চাহ-মিঠাই খাই ৰাউণ্ড টেবুলত মিটিং কৰি লাভ নাই, ফলপ্ৰসূ ব্যৱস্থা ল'ব লাগিব।'' অসম-মিজোৰামৰ সীমা সমস্যাক লৈ সুজামুদ্দিন লস্কৰ

লাইলাপুৰৰ সমস্যা কৈ আমাৰ মন্ত্ৰী উভতি আহিলে নহ'ব, মিজোৰ আগ্ৰাসন মোৰ সমষ্টিত চলি আছে- সুজামুদ্দিন লস্কৰ

লাইলাপুৰৰ সমস্যা কৈ আমাৰ মন্ত্ৰী উভতি আহিলে নহ'ব, মিজোৰ আগ্ৰাসন মোৰ সমষ্টিত চলি আছে- সুজামুদ্দিন লস্কৰ

লাইলাপুৰৰ সমস্যা কৈ আমাৰ মন্ত্ৰী উভতি আহিলে নহ'ব, মিজোৰ আগ্ৰাসন মোৰ সমষ্টিত চলি আছে- সুজামুদ্দিন লস্কৰ

  • Share this:
অসম-মিজোৰামৰ সীমা সমস্যা। দীৰ্ঘদিনীয়া এই সীমা সমস্যা কেতিয়া সমাধান হ'ব। অসম আৰু মিজোৰামৰ বিবদমান সীমা কেৱল বৰাক উপত্যকাতে ১৬০ কিলোমিটাৰ আছে। ইয়াৰে এশ কিলোমিটাৰ আছে অসমৰ কাটলিচেৰা সমষ্টিত।

সেয়ে অসম আৰু মিজোৰামৰ এই সীমা সমস্যাৰ স্থায়ী সমাধানৰ বাবে অনবৰতে সৰৱ হৈ থাকে কাটলিচেৰা সমষ্টিৰ বিৰোধী বিধায়ক সুজামুদ্দিন লস্কৰ (Suzam Uddin Laskar)। দুয়োখন ৰাজ্যৰ সীমা বিবাদ মীমাংসা কৰাৰ বাবে সম্প্ৰতি আইজলত মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ সৈতে আলোচনাত মিলিত হৈছে দুই জ্যেষ্ঠ মন্ত্ৰী অতুল বৰা আৰু অশোক সিংহাল।

দুয়োগৰাকী মন্ত্ৰী আইজলত আলোচনা কৰি থকাৰ সময়তে পুনৰ সৰৱ হৈছে কাটলিচেৰা সমষ্টিৰ বিধায়ক সুজামুদ্দিন লস্কৰ। সুজামুদ্দিন লস্কৰে চৰকাৰক সকীয়াই দি কয় যে ''কেৱল লাইলাপুৰৰ সমস্যাৰ কথা কৈ উভতি আহিলে নহ'ব। চাহ-মিঠাই খাই ৰাউণ্ড টেবুলত মিটিং কৰা বহুত দেখিলোঁ, একো কাম নহয়'', সেয়ে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনা কৰিবলৈ দাবী জনাই বিৰোধী বিধায়কগৰাকীয়ে।

কাটলিচেৰা সমষ্টিৰ অন্তৰ্গত প্ৰায় ১০০ কিলোমিটাৰ বিবাদমান স্থানক মিজোৰামে তেওঁলোকৰ পট্টা মাটি বুলি দাবী কৰাৰ বিপৰীতে অসম চৰকাৰে তাত থকা অসমৰ লোকক উচ্ছেদ কৰি সেয়া সংৰক্ষিত বনাঞ্চলৰ ভূমি বুলি দাবী কৰে বুলি NEWS18ক জনালে সুজামুদ্দিন লস্কৰে।

অসমৰ ভূমিত মিজোৰ আগ্ৰাসন আৰু সহ্য কৰা নহ'ব বুলি কয় সুজামুদ্দিন লস্কৰে। ইফালে অসমৰ দুয়োগৰাকী মন্ত্ৰীয়ে মিজোৰামৰ মুখ্যমন্ত্ৰীৰ লগত কি আলোচনা কৰিলে সেয়া উভতি আহিলেহে স্পষ্ট হ'ব।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি