হত্যা নে আত্মহত্যা? শুৱালকুছিৰ সুৰুলাহত সোমবাৰে নিশা এগৰাকী গৰ্ভৱতী বোৱাৰীৰ মৃত্যুৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাক কেন্দ্ৰ কৰি সৰুলাহ অঞ্চলত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ। অৱশেষত আৰক্ষীৰ হস্তক্ষেপত স্বামীগৃহতে পিকুমণি দাস নামৰ মহিলাগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়।
পিকুমণি দাসৰ ঘৰ হাজোত। যোৱা মাৰ্চ মাহত শুৱালকুছিৰ সুৰুলাহৰ কার্তিক দাস নামৰ এজন লোকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল পিকুমণি। প্ৰথম অৱস্থাত সকলো ঠিকেই আছিল যদিও দিন বাগৰাৰ লগে লগেই আৰম্ভ হয় পাৰিবাৰিক কন্দল। অভিযোগ অনুসৰি, স্বামী কাৰ্তিকৰ পৰিয়ালে যৌতুক দাবী কৰি মানসিক আৰু শাৰীৰিক অত্যাচাৰ চলোৱা আৰম্ভ কৰে পিকুমণিৰ ওপৰত। আৰু যৌতুকৰ বাবেই স্বামীগৃহৰ লোকে মিলি হত্যা কৰিলে বুলি অভিযোগ আনিছে পিকুমণি দাসৰ পিতৃগৃহৰ পৰিয়ালৰ লোকে।
ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত শুৱালকুছি থানাত এজাহাৰো দাখিল কৰিছে পিকুমণিৰ পৰিয়ালৰ লোকে। এজাহাৰত উল্লেখ কৰা মতে, দুদিন পূর্বে স্বামী কার্তিক দাসে পিকুমণি দাসক ৰ’ডেৰে ঘৰৰ চোতালত প্ৰহাৰ কৰিছিল। যি ঘটনা প্ৰত্যক্ষ কৰিছিল স্থানীয় একাংশ লোকে।
আনহাতে ৰহস্যজনক মৃত্যুৰ পিছত স্বামী কাৰ্তিক দাসে নিজে শুৱালকুছি থানাত উপস্থিত হৈ ঘটনাক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰে। পিছত আৰক্ষীয়ে পিংকুমণিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলবাৰে জি এম চি এইচলৈ প্রেৰণ কৰে৷
ঘটনাক কেন্দ্ৰ কৰি এতিয়া অব্যাহত আছে তীব্ৰ উত্তেজনা। নিশা স্বামী কাৰ্তিক দাসৰ পৰিয়ালৰ লোকে ৰাইজক অভব্য আচৰণ কৰাৰো অভিযোগ উঠিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|