জোনমণি ৰাভাক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ মাজুলী মহকুমা ন্যায়িক দণ্ডাধীশ আদালতৰ। তৃতীয়বাৰৰ বাবে জোনমণি ৰাভাক ন্যায়িক জিম্মালৈ প্ৰেৰণ। আজি ভিডিঅ' কন্ফাৰেন্সিঙৰ দ্বাৰা চলিল কাৰাগাৰত থকা জোনমণি ৰাভাৰ বিচাৰ। পৰৱৰ্তী জুলাই মাহৰ ১২ তাৰিখে পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব জোনমণিক। বৰ্তমান মাজুলী জিলা কাৰাগাৰতে আছে নিলম্বিত আৰক্ষী বিষয়া জোনমণি ৰাভা।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : June 29, 2022, 21:06 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।