অসমৰ পৰা কংগ্ৰেছৰ সাংসদ ৰিপুণ বৰাসহ ৮ নিলম্বিত সদস্যই ওৰেনিশা ধৰ্ণাত বহিল। সোমবাৰে ৰাজ্যসভাৰ সভাপতি ভেংকায়া নাইডুৱে ৮ সদস্যক দেওবাৰে সদনৰ মজিয়াত অসংসদীয় আচৰণ কৰাৰ কাৰণে নিলম্বন কৰিছিল। ৮ সদস্যই কৃষক সম্বন্ধীয় দুখন বিধেয়ক উপ-সভাপতিয়ে শাসক দলৰে সদস্যৰে মিলি নিয়ম বহিৰ্ভূতভাৱে গৃহীত কৰিব বিচৰাৰ অভিযোগ উত্থাপন কৰি সদনৰ মজিয়াত প্ৰতিবাদ সাব্যস্ত কৰিছিল।
উল্লেখযোগ্য যে পুৱা ৮ সাংসদৰ অভব্য আচৰণৰ সন্মুখীন হোৱা ৰাজ্যসভাৰ উপ-সভাপতি হৰিবংশ সিঙে ধৰ্ণাত বহি থকা সদস্যসকলক চাহ-বিস্কুট দিয়েহি। ধৰ্ণাত বহি থকা নিলম্বিত সাংসদ কেইজনক উদ্দেশ্যি তেওঁ কয় – তেওঁ উপ-সভাপতি হিচাপে অহা নাই; এজন বন্ধু হিচাপে চাহ-বিস্কুট লৈ আহিছে। অৱশ্যে নিলম্বিত সদস্যসকলে তেওঁৰ চাহ-বিস্কুট গ্ৰহণ নকৰিলে।
আনহাতে, তেওঁ আজিৰ পৰা বুধবাৰ লৈকে ২৪ ঘণ্টাৰ উপবাস ৰখাৰো সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজ্যসভাৰ সভাপতিলৈ এখন পত্ৰ লিখি তেওঁ ২৪ ঘণ্টা খাদ্য গ্ৰহণ নকৰাৰ সিদ্ধান্তৰ কথা অৱগত কৰে। পত্ৰত তেওঁ লিখিছে – তেওঁৰ বিশ্বাস তেওঁৰ এই পদক্ষেপে সদস্যকেইজনৰ মনত আত্মশুদ্ধিৰ ভাৱ জাগ্ৰত কৰিব।
প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়েও সিঙৰ চাহ-বিস্কুট লৈ যোৱা আৰু উপবাস ৰখাৰ কাৰ্যৰ টুইট যোগে শলাগ লৈছে।
আনহাতে সমাজবাদী পাৰ্টীয়ে ৮ সাংসদৰ নিলম্বন প্ৰত্যাহাৰ কৰিবলৈ দাবী উত্থাপন কৰিছে। লগতে কংগ্ৰেছ সাংসদ আৰু ৰাজ্যসভাত বিৰোধী দলৰ দলপতি গোলাম নবী আজাদেও নিলম্বন উঠাই ল’বলৈ দাবী জনাইছে। নিলম্বন উঠাই নোলোৱা লৈকে আৰু নতুন এখন কৃষি বিধেয়ক য’ত ব্যক্তিগত খণ্ডই MSPৰ কম মূল্যত ক্ৰয় কৰিব নোৱাৰাৰ ব্যৱস্থা থাকিব ননালৈকে কংগ্ৰেছে অধিবেশন বয়কট কৰিব বুলি জানিবলৈ দিয়ে আজাদে।
নিলম্বিত সাংসদ ৰিপুণ বৰাই সংবাদ মাধ্যমৰ সন্মুখত তেওঁলোকৰ এই আন্দোলন চলি থাকিব বুলি কয় । তেওঁ লগতে চৰকাৰৰ তৰফৰ পৰা কোনেও সাক্ষাৎ কৰিবলৈ নহাত ক্ষোভ প্ৰকাশ কৰে।
অৱশ্যে আজি অন্ত পৰিল ৮ নিলম্বিত সদস্যৰ ধৰ্ণা। সকলো বিৰোধী দলে ৰাজ্যসভাৰ অধিবেশন বয়কট কৰাৰ পাছত অন্ত পৰে প্ৰতিবাদ। সদন বয়কট কৰাৰ সিদ্ধান্তৰ পিছত বিৰোধী দলসমূহে নিলম্বিত সদস্যসকলক প্ৰতিবাদৰ অন্ত পেলাবলৈ আহ্বান জনায়। এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৮ সদস্যই অন্ত কৰে প্ৰতিবাদ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|