• Home
  • »
  • News
  • »
  • assam
  • »
  • IPS Raunak Ali Hazarika : নিলম্বিত DIG ৰৌণক আলী হাজৰিকাৰ সন্মুখত আন এক নতুন বিপদ, আদালতে DGPক দিছে এই বিশেষ নিৰ্দেশ

IPS Raunak Ali Hazarika : নিলম্বিত DIG ৰৌণক আলী হাজৰিকাৰ সন্মুখত আন এক নতুন বিপদ, আদালতে DGPক দিছে এই বিশেষ নিৰ্দেশ

 ৰৌণক আলী হাজৰিকা

ৰৌণক আলী হাজৰিকা

ৰৌণক আলী হাজৰিকাৰ অসুস্থতাৰ সন্দৰ্ভত তদন্ত কৰিব বাবে আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিয়ে আদালতে ৷

  • Share this:
খাকী পোছাকযোৰক ধন ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰি কোটি কোটি টকা অৰ্জন কৰি সম্প্ৰতি CM VIGILENCEৰ জিম্মাত আছে নিলম্বিত IPS ৰৌণক আলী হাজৰিকা (DIG Raunak Ali Hazarika) ৷ আয়তকৈ সম্পত্তিৰ পৰিমাণ ১৬৪% অধিক হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ৰৌণক আলী হাজৰিকাক ১০দিনৰ জিম্মাৰ অন্তত শনিবাৰে আদালতত হাজিৰ কৰিলে CM VIGILENCEয়ে ৷

উল্লেখ্য যে ১০ দিনৰ জিম্মাত থকাৰ সময়ত অসূস্থতাৰ অজুহাতত তদন্তকাৰী বিষয়াক কোনো ধৰণৰ সহযোগিতা কৰা নাই ৰৌণক আলী হাজৰিকাই ৷ যাৰ বাবে CM VIGILENCEয়ে পুনৰ ৪ দিনৰ জিম্মাত বিচাৰি আবেদন কৰিছিল আদালতত ৷ কিন্ত আদালতে নিলম্বিত IPS ৰৌণক আলী হাজৰিকাক আৰক্ষীৰ জিম্মাত দিয়াৰ বিপৰীতে কাৰাগাৰলৈ প্ৰেৰণ কৰে ৷ কিন্ত প্ৰয়োজনত কাৰাগাৰলৈ গৈ তদন্তকাৰী বিষয়াই সোধা-পোছা কৰাৰ অনুমতি প্ৰদান কৰে বিশেষ ন়্যায়াধীশৰ আদালতে ৷

একে সময়তে ৰৌণক আলী হাজৰিকাৰ অসুস্থতাৰ সন্দৰ্ভত তদন্ত কৰিব বাবে আৰক্ষী সঞ্চালক প্ৰধান (DGP)ক নিৰ্দেশ দিয়ে আদালতে ৷ যদিহে অসূস্থতা প্ৰমাণ নহয় তেন্তে পুনৰ ৰৌণক আলী হাজৰিকা  নতুন বিপদত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ ইপিনে ৰৌণক আলী হাজৰিকাই  কৰা জামিন আবেদন নাকচ কৰিছে আদালতে ৷
Published by:Manjumoni Borah
First published: