আকৌ জঘন্য ঘটনা, পেঙেৰীত ভাওনাৰ পৰা ঘৰলৈ ওভতাৰ পথত মহিলাক বলাৎকাৰ কৰি হত্যা!

News18 Assam | News18-Assam
Updated:February 6, 2020, 11:10 AM IST
আকৌ জঘন্য ঘটনা, পেঙেৰীত ভাওনাৰ পৰা ঘৰলৈ ওভতাৰ পথত মহিলাক বলাৎকাৰ কৰি হত্যা!
ঘটনা সন্দৰ্ভত পেঙেৰী আৰক্ষীয়ে দুজন লোকক সোধা–পোছাৰ বাবে আটক কৰিছে।

ঘটনা সন্দৰ্ভত পেঙেৰী আৰক্ষীয়ে দুজন লোকক সোধা–পোছাৰ বাবে আটক কৰিছে।

  • Share this:
তিনিচুকীয়াৰ পেঙেৰী থানাৰ অন্তৰ্গত পেঙেৰী–মাৰ্ঘেৰিটা পথৰ কাষত আজি পুৱা এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। মৃত মহিলাগৰাকীৰ ঘৰ ইনথেম গাঁৱত। নিশা ভাওনাৰ ৰিহাৰ্ছেলৰ পৰা ঘূৰি অহাৰ পথত দুৰ্বৃত্তই বলাৎকাৰ কৰি মহিলাগৰাকীক হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকে। ঘটনা সন্দৰ্ভত পেঙেৰী আৰক্ষীয়ে দুজন লোকক সোধা–পোছাৰ বাবে আটক কৰিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি