আকৌ যৌতুকৰ বলি নৱবিবাহিতা বোৱাৰী, বাইক নিদিয়া বাবেই হত্যা কৰি মৃতদেহ ওলমাই থ’লে স্বামীয়ে!

বিয়াৰ পিছৰে পৰাই জহিৰুলে যৌতুক বিচাৰি হাৰাশাস্তি কৰি আহিছিল আছমিনাৰা আৰু তাইৰ দেউতাকক।
বিয়াৰ পিছৰে পৰাই জহিৰুলে যৌতুক বিচাৰি হাৰাশাস্তি কৰি আহিছিল আছমিনাৰা আৰু তাইৰ দেউতাকক।
- News18 Assam
- Last Updated: August 5, 2020, 9:06 AM IST
এই ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাৰ তামাৰহাট থানাৰ পাগলাহাট আৰক্ষী চকীৰ অন্তৰ্গত ভাটিপেটলা (নামনি) গাঁৱত। গাঁওখনৰ কাপ্পান আলীৰ পুত্ৰ জহিৰুল ইছলামৰ লগত দুমাহ পূৰ্বে কোকৰাঝাৰ জিলাৰ কাজিগাঁও থানাৰ জলডোৱা দ্বিতীয় খণ্ড গাঁৱৰ ওচমান আলীৰ কন্যা আছমিনাৰা পাৰবিনৰ বিয়া হৈছিল। বিয়াৰ পিছৰে পৰা যৌতুক বিচাৰি স্বামীৰ পৰিয়ালে অত্যাচাৰ কৰি আহিছিল বোৱাৰী আছমিনাৰা পাৰবিনৰ ওপৰত।
আছমিনাৰাৰ ককায়েক আবু আলম মোল্লাই জানিবলৈ দিয়া মতে, দুয়োখন ঘৰৰ আলোচনা মতে দুমাহ পূৰ্বে বিয়া হৈছিল আছমিনাৰা আৰু জহিৰুলৰ। বিয়াৰ পিছৰে পৰাই জহিৰুলে যৌতুক বিচাৰি হাৰাশাস্তি কৰি আহিছিল আছমিনাৰা আৰু তাইৰ দেউতাকক। এখন মটৰ চাইকেলো দাবী কৰিছিল। মটৰ চাইকেল দিব নোৱাৰাৰ বাবে আছমিনাৰাক অত্যাচাৰ কৰিবলৈ লৈছিল জহিৰুলে। ঈদৰ নিমন্ত্ৰণ ৰক্ষা কৰি সোমবাৰে পুৱা জহিৰুলে আছমিনাৰাক লৈ নিজ ঘৰলৈ উভতি আহিছিল। আবেলি পৰিয়ালে খবৰ পায় আছমিনাৰাই চিপ লৈ আত্মহত্যা কৰিছে।
আনহাতে গাঁৱৰ বাসিন্দা আজিজুল শ্বেখে অভিযোগ কৰা মতে, বিয়াৰ পিছৰে পৰা যৌতুক বিচাৰি হাৰাশাস্তি কৰি আহিছিল জহিৰুলৰ পৰিয়ালে। মটৰ চাইকেল দাবী কৰি আহিছে জহিৰুলে। আছমিনাৰাৰ দেউতাকে মটৰ চাইকেল কিনি দিব নোৱাৰাত এনেদৰে মাৰি পেলোৱা হ'ল আছমিনাৰাক। তাদুপৰি জহিৰুলৰ আন মহিলাৰ লগত অবৈধ সম্পৰ্ক থকাৰ বাবেই এনেদৰে অকালতে আছমিনাৰা মৃত্যুমুখত পৰিব লগা হ'ল বুলি অভিযোগ উত্থাপন কৰে।