গুৱাহাটীত কোৰোণা ভাইৰাছ! এজন লোকক GMCHলৈ প্ৰেৰণ

News18 Assam | News18-Assam
Updated:February 2, 2020, 12:31 PM IST
গুৱাহাটীত কোৰোণা ভাইৰাছ! এজন লোকক GMCHলৈ প্ৰেৰণ
কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ চীনত শনিবাৰ পৰ্যন্ত ৩০৪জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৪ হাজাৰৰো অধিক লোকৰ আক্ৰান্ত হৈছে।

কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ চীনত শনিবাৰ পৰ্যন্ত ৩০৪জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৪ হাজাৰৰো অধিক লোকৰ আক্ৰান্ত হৈছে।

  • Share this:
বিশ্বজুৰি আতংকৰ সৃষ্টি কৰিছে কোৰোণা ভাইৰাছে। এই ভাইৰাছে বিশ্বজুৰি আতংক সৃষ্টি কৰা বুলি বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে ঘোষণা কৰিছে। বিশ্বজুৰি জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে WHO–এ। ভাৰততো এই ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে। কেৰালাত দুজনকৈ লোকৰ দেহত এই বীজাণু ধৰা পৰিছে। কিন্তু ভয়ংকৰ কথাটো হ’ল অসমতো এই ভয়ংকৰ ভাইৰাছৰ সংক্ৰমণ হোৱা বুলি সন্দেহ কৰা হৈছে।

এই ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে তৎপৰ হৈ পৰিছে বিভিন্ন দেশ। ভাৰততো অৱলম্বন কৰা হৈছে সতৰ্কতা। প্ৰতিটো বিমানবন্দৰতে পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অসম স্বাস্থ্য বিভাগৰ তৰফৰ পৰা প্ৰায় ১৫ জনীয়া এটা দল নিযুক্তি দিয়া হৈছে। বিভিন্ন দেশৰ পৰা অহা বিমানযাত্ৰীৰ লগতে দেশৰ কিছু ৰাজ্যৰ বিমানযাত্ৰীক পৰীক্ষা–নিৰীক্ষা কৰাৰ লগতে বিমানবন্দৰত দিয়া হৈছে মাস্ক।

সূত্ৰ অনুসৰি, নিশা বিমানযোগে কেৰালাৰ পৰা অহা মৰিগাঁৱৰ এজন লোকক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত GMCHলৈ প্ৰেৰণ কৰা হয়। বৰ্তমানো লোকজনক ৰখা হৈছে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত। অৱশ্যে হাস্পতাল কৰ্তৃপক্ষই এইপৰ্যন্ত কোনোধৰণৰ তথ্য সদৰি কৰা নাই।

উল্লেখযোগ্য যে কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ চীনত শনিবাৰ পৰ্যন্ত ৩০৪জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৪ হাজাৰৰো অধিক লোকৰ আক্ৰান্ত হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি