• Home
  • »
  • News
  • »
  • assam
  • »
  • উত্তৰ–পূৰ্বাঞ্চলত তৃণমূল কংগ্ৰেছৰ প্ৰসাৰ–প্ৰচাৰৰ বাবে সাজু সুস্মিতা দেব, ২৯ আগষ্টৰ পৰা অভিযান

উত্তৰ–পূৰ্বাঞ্চলত তৃণমূল কংগ্ৰেছৰ প্ৰসাৰ–প্ৰচাৰৰ বাবে সাজু সুস্মিতা দেব, ২৯ আগষ্টৰ পৰা অভিযান

বিজেপিয়ে ভাবিছিল যে তৃণমূলে অসমত বিজেপিক বিশেষ প্ৰভাৱিত নকৰিব, কিন্তু...

বিজেপিয়ে ভাবিছিল যে তৃণমূলে অসমত বিজেপিক বিশেষ প্ৰভাৱিত নকৰিব, কিন্তু...

বিজেপিয়ে ভাবিছিল যে তৃণমূলে অসমত বিজেপিক বিশেষ প্ৰভাৱিত নকৰিব, কিন্তু...

  • Share this:

প্ৰাক্তন কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছলৈ গমন কৰাৰ পিছতে এতিয়া সাজু হৈছে দলটোৰ বিকাশ সাধনৰ দিশত। তেওঁ ইতিমধ্যে তৃণমূলৰ সৈতে কেইবালানি আলোচনাত চামিল হৈছে আৰু এতিয়া উত্তৰ–পূৰ্বাঞ্চলত দলটোৰ বিস্তৃতিৰ বাবে চিন্তা কৰা বুলি জানিব পৰা গৈছে।


এনে পদক্ষেপৰে অংশ ৰূপে টিএমচিয়ে ২৯ আগষ্টৰ পৰা উত্তৰ-পূৰ্বাঞ্চলত সুস্মিতা দেৱৰ কাৰ্য আৰম্ভণিৰ পৰিকল্পনা নিৰ্ধাৰণ কৰিছে। প্ৰথমাৱস্থাত ত্ৰিপুৰাৰ সকলো জিলাতে সদস্যভৰ্তি অভিযান আৰম্ভ কৰা হ'ব। অৱশ্যে সুস্মিতা দেৱ নিজে শিলচৰ জিলাতে থাকিব।


এই প্ৰসংগত সুস্মিতা দেৱে News18ক কয়– "এইটো মোৰ বাবে এক প্ৰত্যাহ্বান, কিন্তু মই আৰম্ভণিৰ পৰা দলটো গঢ়ি তুলিবলৈ আত্মবিশ্বাসী। আমি সমগ্ৰ অসমৰ পৰা যথেষ্ট ভাল সঁহাৰি লাভ কৰিছোঁ আৰু আমি মমতা বেনাৰ্জীৰ দীৰ্ঘম্যাদী ৰাজনীতিৰ প্ৰতি আগ্ৰহী প্ৰতিশ্ৰুতিবদ্ধ লোক বিচাৰোঁ। আমাৰ তাৎক্ষণিক লক্ষ্য ক্ষমতাৰ ৰাজনীতি নহয়, কিন্তু আমি মাটিত থকা লোকসকলৰ অধিকাৰৰ বাবে যুঁজ দিম।"


বিজেপিয়ে ভাবিছিল যে তৃণমূলে অসমত বিজেপিক বিশেষ প্ৰভাৱিত নকৰিব। কিন্তু তৃণমূলে নিশ্চিতভাৱে ত্ৰিপুৰাত কংগ্ৰেছক আঘাত কৰিব। সুস্মিতাৰ জৰিয়তে টিএমচিত যোগদান কৰা লোকসকল মূলতঃ কংগ্ৰেছৰে হ'ব আৰু ইয়াতেই দলটোৱে ৰণনীতি পুনৰ বিবেচনা কৰিব। এইক্ষেত্ৰত অসম কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়– "ত্ৰিপুৰাত কংগ্ৰেছে কঠোৰ পৰিশ্ৰম কৰিব আৰু এই মুহূৰ্তত অসমত তৃণমূল নাই, তেওঁলোকক আহিবলৈ দিয়ক, আমি চাম।"


উল্লেখ্য ভূপেন বৰাই পূৰ্বে সুস্মিতাক দোষাৰোপ কৰিছিল যে তেওঁ কংগ্ৰেছ হাইকমাণ্ডক সমস্যাবোৰ আঙুলিয়াই দিয়া নাছিল, অথচ তেওঁ মিত্ৰতাৰ বিষয়ে সকলো জানিছিল। এই অভিযোগৰ সঁহাৰি দি সুস্মিতাই কয়, "মই কোনো মিত্ৰজোঁটৰ বৈঠকত নাছিলোঁ আৰু মই কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বিশেষ আমন্ত্ৰণকাৰী আছিলোঁ, বিগত সময়ত বিশেষ আমন্ত্ৰণকাৰীসকলক মতা হোৱা নাছিল। মই মোৰ কৰ্তৃপক্ষক প্ৰতিটো সমস্যাৰ কথা উল্লেখ কৰিছোঁ।"


উল্লেখ্য, তৃণমূলে সদস্য ভৰ্তি অভিযান কাৰ্যসূচীৰ মাজেৰে দলৰ সম্প্ৰসাৰণৰ লগতে প্ৰতিজন সদস্যক নামভৰ্তিৰ চিহ্ন হিচাপে তেওঁলোকৰ ঘৰত টিএমচিৰ পতাকা ৰাখিবলৈ পৰামৰ্শ দিব। এই বছৰৰ মে' মাহত পশ্চিম বংগৰ নিৰ্বাচনত টিএমচিৰ নিৰ্ণায়ক বিজয়ে নিশ্চিতভাৱে বিজেপিবিৰোধী দলসমূহৰ মাজত তৃণমূলে প্ৰভাৱ বিস্তাৰ কৰাৰ এটা সুযোগ দিছে। তৃণমূল কংগ্ৰেছে উত্তৰ–পূবৰ ৰাজনীতিত বাঙালী গৌৰৱ কঢ়িয়াই নিব বিচাৰিছে। স্বাভাৱিকতে, তেওঁলোকৰ সম্প্ৰসাৰণৰ অন্যতম ক্ষেত্ৰ হৈছে উত্তৰ-পূব, য'ত ১.৫ কোটিতকৈও অধিক বাঙালীভাষী লোক আছে।

Published by:Gautam Barman
First published: