Sushmita Dev Resigns From Congress: অসম কংগ্ৰেছত(Assam Congress) অব্যাহত আছে খহনীয়া।
Sushmita Dev Resigns From Congress: অসম কংগ্ৰেছত(Assam Congress) অব্যাহত আছে খহনীয়া।
কংগ্ৰেছ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিলে প্ৰাক্তন সাংসদ সুস্মিতা দেৱে। আজিৰ দিনটোতে শিলচৰৰ প্ৰাক্তন সাংসদগৰাকীয়ে কংগ্ৰেছৰ প্ৰাথমিক সদস্যপদৰ পৰা ইস্তফা দিয়ে। ইতিমধ্যে পদত্যাগ পত্ৰ ছোনীয়া গান্ধীলৈ প্ৰেৰণ কৰিছে সুস্মিতাই।
আনহাতে তৃণমূল কংগ্ৰেছত যোগদান কৰি মমতা বেনাৰ্জীক সাক্ষাতৰ বাবে কলিকতালৈ ৰাওনা হৈছে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকী। দলটোত যোগদান কৰি প্ৰথম প্ৰতিক্ৰিয়া হিচাপে সুস্মিতা দেবে কয় যে, 'মই যিমানখিনি পালো, সকলো খিনি ঘূৰাই দিম। খেলা হবে।'
ইফালে সুস্মিতা দেৱৰ কংগ্ৰেছ ত্যাগে ৰাষ্ট্ৰীয় ৰাজনীতিতো চৰ্চা লাভ কৰিছে। কংগ্ৰেছ ত্যাগৰ পিছতে সুস্মিতাই তৃণমূল কংগ্ৰেছত যোগদান কৰিব বুলি এক অনুমান কৰা হৈছিল। ইয়াৰ পূৰ্বে বিধায়ক অখিল গগৈক লগত লৈ অসমত দলটোৰ ভেঁটি মজবুত কৰাৰ চেষ্টা চলাইছিল তৃণমূল কংগ্ৰেছে। কিন্তু অখিল গগৈয়ে তৃণমূল কংগ্ৰেছত যোগদানৰ আশা নেদেখি দলটোৱে সুস্মিতা দেৱৰ দুৱাৰত টোকৰ মাৰে। ৰাজনৈতিক মহলৰ মতে, সুস্মিতাৰ আছে দীৰ্ঘসময়ৰ ৰাজনৈতিক অভিজ্ঞতা। ত্ৰিশ বছৰৰ অধিক সময় কংগ্ৰেছৰ ৰাজনীতিৰ সৈতে যুক্ত।
সেইদৰে দেশৰ মহিলা ৰাজনীতিকসকলৰ মাজতো সুস্মিতা দেৱ এগৰাকী অন্যতম শক্তিশালী নেত্ৰী। আগন্তুক ২০২৪ৰ লোকসভা নিৰ্বাচনত সুস্মিতাক মুখৰ আগত ৰাখিয়েই তৃণমূল কংগ্ৰেছে অসমত নিজৰ ভেঁটি শক্তিশালী কৰিবলৈ চেষ্টা কৰিব। সেইদৰে এতিয়া ত্ৰিপুৰাতো তৃণমূল কংগ্ৰেছে নিজৰ ভেঁটি সুদৃঢ় কৰাৰ প্ৰায়াস কৰিছে। সুস্মিতা দেৱৰ ত্ৰিপুৰাতো আছে এক প্ৰভাৱ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|