নাগৰিকত্ব সংশোধনী আইনে বাঙালী সকলক নাগৰিকত্ব দিয়াৰ কোনো নিৰাপত্তা প্ৰদান কৰা নাই। ১৯৭১ চনৰ পিছত বাংলাদেশৰ পৰা অহাৰ কথা ক’লেও বাংলাদেশৰ কোনো কাগজ দেখুৱাব নোৱাৰিলে ডিটেনচন কেম্পত যাবলাগিব বাঙালীসকলে। এতিয়া ৬নম্বৰ দফা কাৰ্যকৰী হ’ব আৰু বাঙালীসকলৰ চাকৰি, ৰাজনৈতিক অধিকাৰ, নিৰাপত্তা, অস্তিত্ব সকলো কাঢ়ি নিয়া হ’ব। বৰাকৰ কৰিমগঞ্জত কা আৰু এনআৰচি বিৰোধী এখন জনসভাত প্ৰাক্তন সাংসদ তথা কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱৰ বিস্ফোৰক মন্তব্য।
বিজেপি চৰকাৰক সমালোচনা কৰি সুস্মিতা দেৱে বাঙালী জাতীয়তাবাদ পাহৰি নাযাবলৈ সকলোকে আহ্বান জনায়।
‘আজি বৰাকত বাঙালী ভাষা বাচি আছে কাৰণে বহুত শ্বহীদ হ’ল, আকৌ যদি ছয় নম্বৰ দফা বলৱৎ কৰি বাঙালীৰ অধিকাৰ কাঢ়িবলৈ চেষ্টা কৰা হয় তেনেহ’লে কমলাক্ষ্য দে’ পুৰকায়স্থ আৰু সুস্মিতা দেৱ ৰাজপথত নামিবই কিন্তু হিন্দু–মুছলমান সকলো পাহৰি আপোনালোকে বাঙালী হিচাপে বিৰোধ কৰিব লাগিব, আমাৰ মাতৃভাষা বাঙালী আৰু সেয়াই পৰিচয়।’
সুস্মিতা দেৱে চৰকাৰী চাকৰিত অসমীয়া ভাষা বাধ্যতামূলক কৰাক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰশ্ন কৰে যে,
‘এতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈ আছে, অসমত চৰকাৰি চাকৰিত আৱেদন কৰিব হ’লে অসমীয়া ভাষা লাগিবই । কিন্তু বৰাকৰ লোকে অসমীয়া ভাষা নপঢ়ে গতিকে কেনেকৈ চৰকাৰী চাকৰি পাব? ইয়াৰো প্ৰত্যুত্তৰ দিব নোৱাৰে বৰাকৰ দুই সাংসদে। বিদেশী ন্যায়াধীকৰণৰ ১৬০০চাকৰিৰ ভিতৰত বৰাকৰ পৰা মাত্ৰ ১২জনে চাকৰি পালে। এইবোৰে কি সূচাইছে?’বিজেপিক প্ৰত্যাহ্বান জনাই সুস্মিতা দেৱে কয়,
'যদি হিমন্ত বিশ্ব শৰ্মা আৰু অমিত শ্বাহৰ দম আছে তেনেহ’লে বিধানসভাৰ মজিয়াত থিয় হৈ কওক যে, এন আৰ চি বাতিল কৰা হৈছে নে নাই? মই এগৰাকী আইনজীৱি, মই ভালকৈ আইনখন পঢ়িছো, তেওঁলোকে মোক দেখুৱাওক, বৰ্তমানে বলৱৎ হোৱা সংশোধিত নাগৰিকত্ব আইনৰ ক’ত লিখা আছে যে নাগৰিকত্ব দিয়া হ’ব বুলি?' সৰ্বভাৰতীয় মহিলা কংগ্ৰেছ সভানেত্ৰী গৰাকীয়ে কয়,
‘এয়া কেৱল ৰাজনীতিহে চলি আছে । ধৰ্মীয় মেৰুকৰণ, সাম্প্ৰদায়িক ভোট বেংকৰ ৰাজনীতি চলাই আছে বিজেপিয়ে।'সুস্মিতা দেৱে অসম সাহিত্য সভাই বৰাক আৰু বড়োলেণ্ডত অসমীয়া ভাষা বাধ্যতামুলক কৰাৰ কাৰণে কোৱা কথাকো সমালোচনা কৰে ।
‘বাঙালীৰ অস্তিত্ব ৰক্ষা কৰিবলৈ হ’লে পূৰ্বৰ দৰে সকলোৱে পথত ওলাব লাগিব, ধৰ্মৰ ভিত্তিত দ্বিখণ্ডিত নোহোৱাকৈ পথত নানামিলে বৰাকৰ কোনেও চাকৰি নাপাব ।’ দেৱে কয়।
‘অসম অসমীয়াৰ’, ‘অসমত অসমীয়া ভাষা চলিবই’, আদি শ্লোগানেৰে নাগৰিকত্ব সংশোধনী আইনক লৈ অসমত তীব্ৰ বিক্ষোভ আৰু প্ৰতিক্ৰিয়াৰ মাজত চল চাই কঠিয়া পৰা কংগ্ৰেছৰ দুমুখীয়া চৰিত্ৰ আকৌ এবাৰ ফাদিল কৰিলে সুস্মিতা দেৱে। অসমত বাঙালী জাতীয়তাবাদ জাগ্ৰত কৰিবলৈ কংগ্ৰেছ নেত্ৰীৰ তৎপৰতাক লৈ প্ৰত্যাশিতভাৱে প্ৰদেশ কংগ্ৰেছৰ কোনো প্ৰতিক্ৰিয়া নাই!
(কৰিমগঞ্জৰ পৰা গৌৰিশ নন্দীৰ প্ৰতিবেদন)
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|