
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে সুশান্ত আৰু কুশলে একেলগে কাম কৰিবলৈ ল'লে কোনে বাধা দিব পাৰিব। থাওৰাৰ দায়িত্ব সুশান্ত, কুশল দুয়োকে দিছো। বিকাশৰ নতুন পৰ্যায়লৈ থাওৰাক লৈ যাম।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে সুশান্ত আৰু কুশলে একেলগে কাম কৰিবলৈ ল'লে কোনে বাধা দিব পাৰিব। থাওৰাৰ দায়িত্ব সুশান্ত, কুশল দুয়োকে দিছো। বিকাশৰ নতুন পৰ্যায়লৈ থাওৰাক লৈ যাম।
উপ-নিৰ্বাচন দুৱাৰ দলিত অসমৰ আন আন সমষ্টিৰ সমান্তৰালভাৱে থাওৰা সমষ্টিটো গৰম হৈছে নিৰ্বাচনী বতাহ। কালি ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰৰ পাছত আজি কংগ্ৰেছ দল এৰি বিজেপি দললৈ যোৱা সুশান্ত বৰগোঁহাইয়ে দাখিল কৰিছে মনোনয়ন। ১০৭ নং থাওৰা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী মনোৰঞ্জন কোঁৱৰৰ লগতে ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰে বিজেপি দলৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি কৰিব সেয়া স্পষ্ট হৈ পৰিছে।
আজি শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰিবলৈ আহি শক্তি প্ৰদৰ্শন কৰিলে বিজেপি দলে।সুশান্ত বৰগোঁহাইৰ মনোনয়ন দাখিলত দেখা গ'ল বাঘা বাঘা বিজেপি নেতাক।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেবিনেট মন্ত্ৰী যোগেন মহন, পীয়ুষ হাজৰিকা, সাংসদ তপন গগৈকে ধৰি বিজেপি দলৰ বহু উচ্চ পৰ্যায়ৰ নেতাই আজি শিৱসাগৰত ভিৰ কৰে। নগৰৰ বৰ্ডিং খেলপথাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক জনসভাক সম্বোধন কৰি মনোনয়ন দাখিল কৰিবলৈ বিজেপি দলৰ প্ৰাৰ্থী গৰাকীক সংগ দিয়ে। সভাত থাওৰাবাসীক উদ্যেশী মুখ্যমন্ত্ৰীয়ে কয় যে- উন্নয়নৰ যাত্ৰাৰ পৰা থাওৰাবাসী বঞ্চিত যাতে নহয় তাৰ বাবেই বিধায়ক পদ ত্যাগ কৰি বিজেপিলৈ আহিছে সুশান্ত৷ থাওৰাত অহা ৫ বছৰত ইমান কাম কৰিব লাগে যাতে সকলোৱে চিন্তা কৰে কেনেকৈ হ'ল। নিৰ্বাচন আহিলে কিছুমানৰ জ্বৰ উঠে। কথা কৈ লাভ নাই কাম কৰি দেখুৱাব লাগে। সুশান্ত আৰু কুশলে একেলগে কাম কৰিবলৈ ল'লে কোনে বাধা দিব পাৰিব। থাওৰাৰ দায়িত্ব সুশান্ত, কুশল দুয়োকে দিছো। বিকাশৰ নতুন পৰ্যায়লৈ থাওৰাক লৈ যাম। ৰেকৰ্ড সংখ্যক ভোটত সুশান্তক জয়ী কৰিব লাগিব। সুশান্ত কুশলে গাড়ী চলাব আমি পেট্ৰ'ল ভৰাম। চাৰিমাহত আমাৰ চৰকাৰে যিমান কাম কৰিছে, তেন্তে অনুমান কৰক পাচ বছৰত কিমান কৰিম।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|