ফাৰ্ম হাউছত সুশান্ত সিং ৰাজপুত আৰু ছাৰা আলী খানৰ ভিডিঅ’ দেখি হাজাৰ প্ৰশ্ন! কি আছিল সেয়া?

News18 Assam | News18-Assam
Updated:September 15, 2020, 5:49 PM IST
ফাৰ্ম হাউছত সুশান্ত সিং ৰাজপুত আৰু ছাৰা আলী খানৰ ভিডিঅ’ দেখি হাজাৰ প্ৰশ্ন! কি আছিল সেয়া?
পূৰ্বেই চৰ্চা চলিছিল যে কেদাৰনাথ ছবিৰ সময়ত সুশান্তৰ সৈতে গভীৰ সম্পৰ্কত আবদ্ধ হৈছিল ছাৰা। আনকি, দুয়ো থাইলেণ্ড ট্ৰিপলৈও গৈছিল।

পূৰ্বেই চৰ্চা চলিছিল যে কেদাৰনাথ ছবিৰ সময়ত সুশান্তৰ সৈতে গভীৰ সম্পৰ্কত আবদ্ধ হৈছিল ছাৰা। আনকি, দুয়ো থাইলেণ্ড ট্ৰিপলৈও গৈছিল।

  • News18 Assam
  • Last Updated: September 15, 2020, 5:49 PM IST
  • Share this:
সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তত হঠাৎ সাঙোৰ খাইছে ড্ৰাগছৰ প্ৰসংগ। ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ সৈতে যোগাযোগ থকাৰ বাবেই সুশান্তৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তী বৰ্তমান জে’লত। তাৰ পিছতে বিতৰ্কত সোমাই পৰিছে ছইফ আলী খানৰ কন্যা ছাৰা আলী খান। ৰিয়াক এৰি এইবাৰ ছাৰা হৈ পৰিছে সুশান্তৰ মৃত্যু তদন্তৰ চৰ্চিত নাম।

পূৰ্বেই চৰ্চা চলিছিল যে কেদাৰনাথ ছবিৰ সময়ত সুশান্তৰ সৈতে গভীৰ সম্পৰ্কত আবদ্ধ হৈছিল ছাৰা। আনকি, দুয়ো থাইলেণ্ড ট্ৰিপলৈও গৈছিল।

সেই থাইলেণ্ড ট্ৰিপক কেন্দ্ৰ কৰিয়ে পোহৰলৈ আহিছে নতুন তথ্য। সম্প্ৰতি ইণ্ডিয়া টুডেত সম্প্ৰচাৰিত এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। এই ভিডিঅ’ই স্বাভাৱিকতেই ব্যাপকভাৱে চৰ্চিত হৈছে বলীউদত।



কি আছে ভিডিঅ’ত?
ভিডিডঅ’ত দেখা গৈছে, সুশান্তৰ ফাৰ্ম হাউছত হাজিৰ হৈছে ছাৰা আলী খান। আৰু ফাৰ্ম হাউছৰ বাৰান্দাত বহি দুয়ো মত্ত ধূমপানত। কিন্তু এয়া কেৱল চিগাৰেট আছিল নে গাঞ্জা, সেয়া ভিডিঅ’ত স্পষ্ট নহয়। তাক লৈ এতিয়া ব্যাপক চৰ্চা। অৱশ্যে এই বিতৰ্কক লৈ মুখ খোলা নাই ছাৰা আলী খানে। বৰং সমগ্ৰ বিষয়টোক লৈ মৌন হৈ থকাই ভাল বুলি ভাবিছে ছাৰাই!

(News18 অসমে এই ভিডিঅ’ৰ সত্যতা নিৰূপণ নকৰে। ভাইৰেল হোৱা বাবে ব্যৱহাৰ কৰা হৈছে এই ভিডিঅ’।)
Published by: Sanjay Kumar Das
First published: September 15, 2020, 5:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading