উজনিৰ ২৫টা সমষ্টিত দিল্লীৰ এক সংস্থাৰ ছাৰ্ভে, বৰ্তমানৰ বহু বিধায়কে হেৰুৱাইছে জনপ্ৰিয়তা

News18 Assam | News18-Assam
Updated:September 6, 2020, 11:49 AM IST
উজনিৰ ২৫টা সমষ্টিত দিল্লীৰ এক সংস্থাৰ ছাৰ্ভে, বৰ্তমানৰ বহু বিধায়কে হেৰুৱাইছে জনপ্ৰিয়তা
প্ৰথম পৰ্যায়ত ২৫টা সমষ্টিক লৈ চলা ছাৰ্ভেত বহুকেইজন বৰ্তমানৰ বিধায়কৰ জয়ী হোৱাৰ নাই সম্ভাৱনা৷

প্ৰথম পৰ্যায়ত ২৫টা সমষ্টিক লৈ চলা ছাৰ্ভেত বহুকেইজন বৰ্তমানৰ বিধায়কৰ জয়ী হোৱাৰ নাই সম্ভাৱনা৷

  • News18 Assam
  • Last Updated: September 6, 2020, 11:49 AM IST
  • Share this:
বিজেপি আৰু অগপৰ বৰ্তমানৰ বহু বিধায়ক এতিয়া শংকিত৷ শংকাৰ কাৰণ এটাই, দিল্লীৰ পৰা চলা এক ছাৰ্ভে৷ প্ৰথম পৰ্যায়ত ২৫টা সমষ্টিক লৈ চলা ছাৰ্ভেত বহুকেইজন বৰ্তমানৰ বিধায়কৰ জয়ী হোৱাৰ নাই সম্ভাৱনা৷ অগপ আৰু বিজেপিৰ বহু বাঘা বাঘা নেতাৰ টোপনি হৰাৰ সময় এতিয়া৷

সমষ্টি আমগুৰি, অংকিতা দত্ত সমষ্টিটোত ছাৰ্ভেৰ তথ্য মতে চালকৰ আসনত৷ জনপ্ৰিয়তা হেৰুৱাইছে বৰ্তমানৰ অগপ বিধায়ক প্ৰদীপ হাজৰিকাই৷ ৫৫% লোকে আমগুৰি সমষ্টিত বিচাৰে যুৱ কংগ্ৰেছ নেত্ৰী তথা প্ৰয়াত অঞ্জন দত্তৰ কন্যা অংকিতা দত্তক৷

সমষ্টি থাওৰা৷ বৰ্তমানৰ বিজেপি বিধায়ক কুশল দুৱৰীয়ে হেৰুৱাইছে জনপ্ৰিয়তা৷ কুশল দুৱৰীৰ সলনি কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক সুশান্ত বুৰাগোহাঁইক বিচাৰে সমষ্টিবাসীয়ে৷ ২১% লোকে কুশল দুৱৰীক আৰু ৪৩% লোকে বিচাৰে সুশান্তক৷

তিতাবৰত এতিয়াও জনপ্ৰিয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ৷ অৱশ্যেই সমষ্টিটোত ৩০% লোকে বিচাৰে কৃষ্ণমণি চুতীয়াক৷

নাজিৰা সমষ্টিত এতিয়াও অক্ষুন্ন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ জনপ্ৰিয়তা৷ সমষ্টিটোত বিজেপিৰ যুৱ নেতা ময়ূৰ বুঢ়াগোহাঁইক বিচাৰে ৩১%লোকে৷

যোৰহাটত বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়েও হেৰুৱাইছে জনপ্ৰিয়তা৷ সমষ্টিটোত বিজেপিৰ অভিজ্ঞ নেতা শান্তনু পূজাৰীক বিচাৰে ৪৫%লোকে ৷

সোণাৰিত যদি বিজেপিয়ে প্ৰক্ষেপ কৰে নৱনীতা সন্দিকৈক, তেতিয়া সুশীল চুড়ীৰ জয়ৰ সম্ভাৱনাই অধিক৷

খুমটাইত জনপ্ৰিয়তা অটুট ৰাখিছে বিধায়ক মৃণাল শইকীয়াই৷ ইফালে, বোকাখাতত মন্ত্ৰী অতুল বৰাতকৈ বহু লোকে বিচাৰে  বিজেপিৰ আকাশ ফুকনকহে৷

সমষ্টি মাজুলী৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিচাৰে অধিকাংশ লোকে৷ ৫৯% লোকে বিচাৰে সৰ্বানন্দ সোণোৱালক৷ অকল এই ছাৰ্ভেতে শেষ নহয়৷ আহি থকা সময়ত তৰপে তৰপে চলিব ছাৰ্ভে৷ দিল্লীৰ পৰা চলিব দলীয় ছাৰ্ভেও৷
Published by: Sanjay Kumar Das
First published: September 6, 2020, 11:49 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading