স্বগৃহত উপস্থিত হ’ল গাড়ীগাঁৱৰ সূৰুজ জামাল

ইয়াৰ পূৰ্বে আন তিনিজন যুৱক শ্ৰীনগৰৰ পৰা পলায়ন কৰি অসমত উপস্থিত হৈছিল।

News18-Assam
Updated:July 2, 2019, 2:56 PM IST
স্বগৃহত উপস্থিত হ’ল গাড়ীগাঁৱৰ সূৰুজ জামাল
ইয়াৰ পূৰ্বে আন তিনিজন যুৱক শ্ৰীনগৰৰ পৰা পলায়ন কৰি অসমত উপস্থিত হৈছিল।
News18-Assam
Updated: July 2, 2019, 2:56 PM IST
অৱশেষত স্বগৃহত উপস্থিত হ’ল গুৱাহাটীৰ গাড়ীগাঁৱৰ সূৰুজ জামাল নামৰ যুৱকজন। জম্মু–কাশ্মীৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে সূৰুজক। ১৪ জুনত ৰহস্যজনকভাৱে সন্ধানহীন হৈছিল সূৰুজ জামাল। চাকৰিৰ প্ৰলোভনেৰে ৰঙিয়াৰ পাপু নামৰ এজন লোকে কাশ্মীৰলৈ লৈ গৈছিল যুৱক–যুৱতীৰ এটা দলক। দুই যুৱতীসহ ১৮জনীয়া দলটোক কাশ্মীৰত আবদ্ধ কৰি ৰখাৰ লগতে শাৰীৰিক–মানসিক নিৰ্যাতনো চলাইছিল। এই কথা সুৰুজ জামালে ফোন কৰি জনাইছিল পৰিয়ালৰ লোকক। তাৰ পিছতে পৰিয়াল কাষ চাপিছিল আৰক্ষীৰ।

ইয়াৰ পূৰ্বে আন তিনিজন যুৱক শ্ৰীনগৰৰ পৰা পলায়ন কৰি অসমত উপস্থিত হৈছিল। কাশ্মীৰত সন্মুখীন হোৱা ভয়াৱহ পৰিস্থিতিৰ কথা NEWS18ৰ আগত কৈছিল যুৱক তিনিজনে।
আৰু চাওক পৰৱৰ্তী বাতৰি