বৃদ্ধি হৈছে যান-বাহন পৰিবহন আইন ভংগ গোচৰ

যানবাহনৰ আৰক্ষীৰ তথ্য অনুসৰি চলিত বছৰত জানুৱাৰীৰ পৰা এই পৰ্যন্ত যান–বাহন পৰিবহন আইন ভংগ গোচৰ ৰুজু হৈছে ৬১৭৮৯টা আৰু ইয়াৰ বিপৰীতে জৰিমনা বিহিছে ১,৪৬,৬৪,০০০ টকা

news18assam
Updated:May 6, 2019, 6:06 PM IST
বৃদ্ধি হৈছে যান-বাহন পৰিবহন আইন ভংগ গোচৰ
যানবাহনৰ আৰক্ষীৰ তথ্য অনুসৰি চলিত বছৰত জানুৱাৰীৰ পৰা এই পৰ্যন্ত যান–বাহন পৰিবহন আইন ভংগ গোচৰ ৰুজু হৈছে ৬১৭৮৯টা আৰু ইয়াৰ বিপৰীতে জৰিমনা বিহিছে ১,৪৬,৬৪,০০০ টকা
news18assam
Updated: May 6, 2019, 6:06 PM IST
গুৱাহাটীত ভয়ংকৰভাৱে বৃদ্ধি হৈছে যান–বাহন পৰিবহন আইন ভংগ গোচৰ। জনসাধাৰণৰ সজাগ–সচেতনতাৰ অভাৱৰ বাবে বৃদ্ধি হৈছে গোচৰৰ সংখ্যা। যানবাহনৰ আৰক্ষীৰ তথ্য অনুসৰি চলিত বছৰত জানুৱাৰীৰ পৰা এই পৰ্যন্ত যান–বাহন পৰিবহন আইন ভংগ গোচৰ ৰুজু হৈছে ৬১৭৮৯টা আৰু ইয়াৰ বিপৰীতে জৰিমনা বিহিছে ১,৪৬,৬৪,০০০ টকা। চৰকাৰী তথ্য অনুসৰি চলিত বছৰত ক্ৰমাগতভাৱে বৃদ্ধি হৈছে গোচৰৰ সংখ্যা। জানুৱাৰী মাহত ১৩,৬৫৫টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে ৩০ লাখ ৬৯ হাজাৰ টকা জৰিমনা বিহিছে আইনভংগকাৰীয়ে। ফেব্ৰুৱাৰী মাহত ১৫ হাজাৰ ১১টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে ৩৫ লাখ ৩৩ হাজাৰ টকা জৰিমনা। মাৰ্চ মাহত ১৬হাজাৰ ৩০০টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে জৰিমনা বিহিছে ৪০ লাখ ৮ হাজাৰ টকা আৰু শেহতীয়া এপ্ৰিল মাহত ১৬ হাজাৰ ৮শ ২১টা গোচৰ ৰুজুৰ বিপৰীতে ৪০ লাখ ৫৩ হাজাৰ ৩০০ টকা বিহিছে জৰিমনা। অৰ্থাৎ মাৰ্চ মাহৰ তুলনাত এপ্ৰিল মাহত বৃদ্ধি হৈছে ৫২১টা গোচৰ আৰু ৪৫ হাজাৰ টকাৰ জৰিমনা। জৰিমনা বিহা গোচৰৰ অন্যতম কাৰণ আছিল হেলমেট পৰিধান নকৰাসকলৰ বাবদ ৭০৭৬টা গোচৰ ৰুজু, ছিট বেল্ট পৰিধান নকৰাৰ বাবদ ২১৫৯টা গোচৰ, গাড়ীত ক’৸লা পেপাৰ লগোৱাৰ বাবদ ৮৩১টা গোচৰ আৰু সুৰা সেৱনৰ বাবদ ৰুজু হৈছে ৫৮৫টা গোচৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি