• Home
  • »
  • News
  • »
  • assam
  • »
  • অসমৰ আগশাৰীৰ ভ্ৰাম্যমান নাট্যদল ‘সূৰ্য্যোদয় নাট্যগোষ্ঠী’ৰ শুভ নাট্যাৰম্ভ

অসমৰ আগশাৰীৰ ভ্ৰাম্যমান নাট্যদল ‘সূৰ্য্যোদয় নাট্যগোষ্ঠী’ৰ শুভ নাট্যাৰম্ভ

বাইহাটা চাৰিআলিৰ মকুণ্ডপুৰস্থিত স্থায়ী আখৰাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই।

বাইহাটা চাৰিআলিৰ মকুণ্ডপুৰস্থিত স্থায়ী আখৰাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই।

বাইহাটা চাৰিআলিৰ মকুণ্ডপুৰস্থিত স্থায়ী আখৰাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই।

  • Share this:
অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল ‘সূৰ্যোদয় নাট্যগোষ্ঠী’ৰ ২০২২–২৩ বৰ্ষৰ শুভ নাট্যাৰম্ভ দেওবাৰে সুকলমে অনুষ্ঠিত হৈ যায়। বাইহাটা চাৰিআলিৰ মকুণ্ডপুৰস্থিত স্থায়ী আখৰাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই। নাট্য দলটোৰ অভিনয় শিল্পী, কলা–কুশলীসকলৰ লগতে অঞ্চলটোৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে এই অনুষ্ঠানত।

২০২২–২৩ বৰ্ষত নাট্য দলটোৱে মঞ্চস্থ কৰিবলৈ লৈছে তিনিখনকৈ সফল নাটক ক্ৰমে বিশিষ্ট অভিনেতা–নাট্যকাৰ শৰৎ ডেকাৰ ‘বিষাক্ত অমৃত’ আৰু অস্তিত্ব আৰু দ্বীপেন দেৱপ্ৰতীমৰ ‘বৃন্দাবনত শ্মশান’। বিগত ৮টা বৰ্ষত সূৰ্যোদয় নাট্যগোষ্ঠীয়ে অসমৰ বিভিন্ন স্থানত নাট মঞ্চস্থ কৰি ৰাইজৰ মন জয় কৰাৰ লগতে বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। এই বৰ্ষটো ৰাইজৰ সঁহাৰি পাব বুলি আশা প্ৰকাশ কৰে নাট্য দলটোৰ প্ৰযোজক ৰণদ্বীপ পাটোৱাৰীয়ে।

এই বৰ্ষত অভিনয়ত থাকিব শৰৎ ডেকা, লজিক শৰ্মা, পংকজ কলিতা, ভাৰ্গব, অচ্যুৎ দাস, ৰাকেশ কাশ্যপ, দ্বীপেন, তৃষা বৈশ্য, নিলাক্ষী পাটোৱাৰী, কৰিশ্মা লহকৰ, চন্দ্ৰমা প্ৰিয়দৰ্শিনী আৰু ৰণদ্বীপ। নাটকেইখন সংগীতেৰে সজাব ভৱেশ ভূষণ ডেকা আৰু অঞ্জন জ্যোতিয়ে। নৃত্য পৰিচালনা কৰিব কৈলাশ কুমাৰে। ব্যৱস্থাপক ভাৰ্গৱ ডেকা আৰু দ্বীপেন পাটোৱাৰী। অনুষ্ঠানত উপস্থিত থাকে দলটোৰ প্ৰতিষ্ঠাপক প্ৰযোজক লোকনাথ পাটোৱাৰী আৰু সম্পাদক লজিক শৰ্মাও।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি