পুনৰ প্ৰাণ পাই উঠিবলৈ লৈছে সাংস্কৃতিক জগত! বাইহাটা চাৰিআলিৰ ‘সূৰ্যোদয় নাট্যগোষ্ঠী’ৰ নাট্যবৰ্ষৰ শুভাৰম্ভণি

News18 Assam | News18-Assam
Updated:October 23, 2020, 11:53 PM IST
পুনৰ প্ৰাণ পাই উঠিবলৈ লৈছে সাংস্কৃতিক জগত! বাইহাটা চাৰিআলিৰ ‘সূৰ্যোদয় নাট্যগোষ্ঠী’ৰ নাট্যবৰ্ষৰ শুভাৰম্ভণি
বৃহস্পতিবাৰে মকুণ্ডপুৰস্থিত নাট্যগোষ্ঠীটোৰ আখৰা গৃহত আগন্তুক নাট্যবৰ্ষৰ শুভাৰম্ভণি কৰিলে জনপ্ৰিয় নাট্য গোষ্ঠীটোৱে।

বৃহস্পতিবাৰে মকুণ্ডপুৰস্থিত নাট্যগোষ্ঠীটোৰ আখৰা গৃহত আগন্তুক নাট্যবৰ্ষৰ শুভাৰম্ভণি কৰিলে জনপ্ৰিয় নাট্য গোষ্ঠীটোৱে।

  • Share this:
দীৰ্ঘ বিতৰিতৰ অন্তত লাহে লাহে প্ৰাণ পাই উঠিবলৈ লৈছে অসমৰ সাংস্কৃতিক জগতখনে। বাইহাটা চাৰিআলি অঞ্চলৰ আগশাৰীৰ নাট্যগোষ্ঠী সূৰ্য্যোদয় নাট্যগোষ্ঠীৰ সপ্তম নাট্যবৰ্ষৰ  শুভাৰম্ভণি। বৃহস্পতিবাৰে মকুণ্ডপুৰস্থিত নাট্যগোষ্ঠীটোৰ আখৰা গৃহত আগন্তুক নাট্যবৰ্ষৰ শুভাৰম্ভণি কৰিলে জনপ্ৰিয় নাট্য গোষ্ঠীটোৱে।

আগন্তুক নাট্যবৰ্ষৰ শুভাৰম্ভণি কৰে পূব কামৰূপ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা কামৰূপ জিলা সাহিত্য সভাৰ উপ–সভাপতি ড০ নৃপেন্দ্ৰ নাথ তালুকদাৰে।

এই অনুষ্ঠানত উপস্থিত থাকে নাট্য গোষ্ঠীটোৰ প্ৰতিষ্ঠাপক শৰৎ ডেকা, প্ৰযোজক লোকনাথ পাটোৱাৰী, কাৰ্যবাহী প্ৰযোজক ৰিংকুমণি পাটোৱাৰী, সামগ্ৰিক পৰিচালক লজিক শৰ্মা, হিতৰাম পাটোৱাৰী, নৃত্য পৰিচালক কৈলাশ কুমাৰ, অভিনেতা ভৈৰৱজ্যোতি ভূঞা, প্ৰদীপ পাটোৱাৰীৰ লগতে আন অভিনেতা–অভিনেত্ৰী তথা কলা–কুশলীসকল।

সপ্তম বৰ্ষত ভৰি দিয়া নাট্য গোষ্ঠীটোৱে ইতিমধ্যে অসমৰ বিভিন্ন স্থানত নাট মঞ্চস্থ কৰি যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আগন্তুক বৰ্ষৰ বাবে নাট্য গোষ্ঠীটোৱে সাজু কৰিছে দুখনকৈ বলিষ্ঠ নাটক শৰৎ ডেকাৰ ‘মৰুভূমিত মৰমৰ বৰষুণ’ আৰু ৰণদ্বীপৰ ‘পাগল প্ৰেমিক’।
Published by: Sanjay Kumar Das
First published: October 23, 2020, 6:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading