সম্পত্তিৰ ওপৰত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ শুনানি। সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়দান অনুসৰি এগৰাকী বিধৱাই নিজৰ পিতৃ-মাতৃৰ পক্ষৰ উত্তৰাধিকাৰীসকলক দিব পাৰিব নিজৰ সম্পত্তিৰ ভাগ।
সৰ্বোচ্চ ন্যায়ালয়ৰ মতে, হিন্দু উত্তৰাধিকাৰ আইনৰ অধীনত এগৰাকী হিন্দু বিধৱা মহিলাৰ পিতৃ পক্ষৰ লোকসকলক আন বেলেগ বুলি গণ্য কৰা নহয়। সেয়েহে তেওঁ পিতৃ পক্ষৰ লোকক সম্পত্তি হস্তান্তৰ কৰিব পাৰিব।
গুৰগাঁৱৰ এটা পৰিয়ালৰ গোচৰৰ শুনানি গ্ৰহণ কৰি এই ৰায় প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে। আদালতে কয় যে, পিতৃ পক্ষৰ লোকসকলো মহিলাগৰাকীৰ পৰিয়ালৰ অংশ হিচাপেই গণ্য কৰা হ'ব। ১৫(1)(d)ধাৰাৰ কথা উল্লেখ কৰি ন্যায়াধীশ অশোক ভূষণ আৰু আৰ সুভাষ ৰেড্ডীৰ বিচাৰপীঠে উল্লেখ কৰে যে, হিন্দু মহিলাৰ পিতৃ পক্ষৰ উত্তৰাধিকাৰীসকলক মহিলাৰ সম্পত্তিৰ উত্তৰাধিকাৰী হিচাপে অন্তৰ্ভূক্ত কৰা হৈছে ।
উল্লেখ্য যে, এগৰাকী বিধৱা মহিলাই পাৰিবাৰিক বুজাপৰাৰ অন্তত নিজৰ ভায়েকৰ পুত্ৰক তেওঁৰ মাটিৰ অংশ দি দিছিল। বিধৱা মহিলাগৰাকীয়ে লোৱা এই সিদ্ধান্তক দেওৰেকৰ সন্তানে আপত্তি দৰ্শাইছিল আৰু আদালতত দাখিল কৰিছিল এখন আবেদন।
ঘটনা অনুসৰি, গুৰগাঁৱৰ বাগাদপুৰ তহচিলৰ গড়ীগাঁৱৰ বাদলু নামৰ লোক এজনৰ ওচৰত এটুকুৰা খেতিৰ মাটি আছিল। বাদলুৰ বালি ৰাম আৰু চেৰ সিং নামৰ দুজন সন্তান আছিল। ১৯৫৩ চনত চেৰ সিঙৰ মৃত্যুৰ পিছত তেওঁৰ পত্নী জগনোৱে নিজৰ অংশৰ মাটি ভায়েকৰ পুত্ৰক প্ৰদান কৰিছিল। ভায়েকৰ পুত্ৰসকলে পাৰিবাৰিক বুজাপৰাৰ অন্তত লাভ কৰা মাটিৰ ওপৰত আদালতত এটা চুইট গোচৰ ৰুজু কৰিছিল আৰু ১৯৯১ চনৰ ১৯ আগষ্টত আদালতে তেওঁৰ পক্ষত ৰায় দিছিল।
তাৰ পিছতে মহিলাগৰাকীৰ দেওৰেকৰ সন্তানে ইয়াৰ বিৰোধিতা কৰি আদালতৰ কাষ চাপিছিল। আৰু এতিয়া আদালতে গোচৰৰ ওপৰত এনেদৰে ৰায় প্ৰদান কৰে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : February 25, 2021, 16:22 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|