উচ্চতম ন্যায়ালয়ত শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ গোচৰৰ শুনানি সম্পন্ন হয়। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে অখিল গগৈৰ অন্তৱৰ্তীকালীন জামিন অহা ১৩ মাৰ্চ পৰ্যন্ত বাহাল ৰাখে।
উল্লেখ্য যে, অখিল গগৈৰ পক্ষৰ অধিবক্তা হোজেফা এহমেদীৰ পিতৃৰ বিয়োগ হোৱাৰ বাবে অধিবক্তাগৰাকী আদালতত উপস্থিত থাকিব নোৱাৰিলে। সেয়েহে অখিল গগৈৰ অধিবক্তাৰ আৱেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন বাহাল ৰাখে।
মন কৰিবলগীয়া যে, ২০১৯ চনৰ ডিচেম্বৰত অসমত নাগৰিকত্ব (সংশোধনী) আইন (CAA) আন্দোলনৰ সময়ত বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হোৱা বিধায়ক অখিল গগৈয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৯ ফেব্ৰুৱাৰীৰ আদেশৰ বিৰুদ্ধে শীৰ্ষ আদালতত এক আবেদন দাখিল কৰিছিল। এই আবেদনত তেওঁৰ বিৰুদ্ধে থকা দুটা গোচৰৰ এটাত NIA আদালতক অভিযোগ গঠনৰ বাবে আগবাঢ়িবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে অনুমতি দিছিল।
বিগত সোমবাৰে উচ্চতম ন্যায়ালয়ত শুনানি আৰম্ভ হোৱাৰ লগে লগে NIAৰ হৈ আদালতত হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই সংস্থাটোৱে দাখিল কৰা অভিযোগপত্ৰত ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈ অসমত মাওবাদী কাৰ্যকলাপৰ এজন কিংপিন বুলি উল্লেখ কৰিছিল।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 03, 2023, 13:14 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।