উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া সাংবিধানিক বিচাৰপীঠত বৃহস্পতিবাৰৰ পৰা অসম সন্মিলিত মহাসংঘৰ বিদেশী আৰু নাগৰিকত্বৰ ভিত্তি বছৰ সম্পৰ্কীয় গোচৰৰ শুনানি অনুষ্ঠিত হ'ব বুলি দিল্লীৰ পৰা মহাসংঘৰ কাৰ্যকৰী সভাপতি তথা প্ৰধান গুচৰীয়া মতিউৰ ৰহমানে সংবাদ প্ৰতিষ্ঠানক জনাইছে।
১৪ আৰু ১৫ ফেব্ৰুৱাৰীত মহাৰাষ্ট্ৰৰ চৰকাৰ ভঙা-পতা কৰা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ গোচৰৰ শুনানি দীঘলীয়াকৈ অনুষ্ঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত মহাসংঘৰ গোচৰৰ শুনানি বাধা প্ৰাপ্ত হৈছিল। আজি আবেলি ৪ বজাত মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ে স্পষ্টভাৱে কয় যে বৃহস্পতিবাৰে পুৱা এঘন্টাৰ ভিতৰতে মহাৰাষ্ট্ৰৰ গোচৰৰ শুনানি সম্পূৰ্ণ কৰিব। আগতে নিৰ্ধাৰিত কৰা অনুসৰি মহাৰাষ্ট্ৰৰ গোচৰৰ পিছতেই মহাসংঘৰ গোচৰৰ শুনানি অনুষ্ঠিত হ'ব।
মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড় নেতৃত্বাধীন ন্যায়াধীশ পমিদিঘন্টম শ্ৰীনৰসিমহা, ন্যায়াধীশ হিমা কোহলি, ন্যায়াধীশ মুকেশ ৰাচিকভাই শ্বাহ আৰু ন্যায়াধীশ কৃষ্ণ মূৰাৰীক লৈ গঠিত ৫ জনীয়া সাংবিধানিক বিচাৰপীঠত মহাসংঘৰ গোচৰৰ শুনানি অনুষ্ঠিত হ'ব।
অসমত বিদেশী চিনাক্ত কৰাৰ আৰু নাগৰিকত্বৰ ভিত্তি বছৰ ১৯৫১ নে ১৯৭১ হ'ব সেয়া সাংবিধানিকভাৱে চূড়ান্ত কৰিব। অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহে যোৱা দুদিন ধৰি অধীৰ অপেক্ষাত আছিল যে মহাসংঘৰ গোচৰৰ শুনানি কেতিয়া অনুষ্ঠিত হ'ব। যিহেতু খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ভৱিষ্যতৰ প্ৰশ্ন জড়িত হৈ আছে, সেয়ে স্বাভাৱিকতে খিলঞ্জীয়া জনগণ শংকিত হৈ আছিল। কাইলৈৰ পৰা ছুপ্ৰিম ক'ৰ্টত শুনানি অনুষ্ঠিত হোৱাটো নিশ্চিত বুলি মতিউৰ ৰহমানে সংবাদ প্ৰতিষ্ঠানক জনাইছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।