উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুতিৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ পৰা NRCৰ পৰা নাম কৰ্তনৰ সন্দৰ্ভত জিলা উপায়ুক্ত আৰু DRCRলৈ নিজাববীয়াকৈ প্ৰেৰণ কৰা নিৰ্দেশৰ সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰে। দেশৰ মুখ্য ন্যায়ধীশ শাৰদ অৰবিন্দ ববডেৰে গঠিত এখন বিচাৰপীঠে আবেদনকাৰীক প্ৰতিনিধিত্ব কৰি জ্য়েষ্ঠ অধিবক্তা কপিল চিবলৰ যুক্তি-তৰ্ক শুনাৰ অন্তত সমন্বয়কলৈ জাননী প্ৰেৰণ কৰে।
এই গোচৰটোৰ আবেদনকাৰী আছিল জামিয়ত উলেমা হিন্দ। আবেদনকৰীয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সমন্বয়কে দিয়া নাম কৰ্তনৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। শৰ্মাই জিলা উপায়ুক্ত আৰু নাগৰিক পঞ্জীৰ জিলা ভিত্তিক সমন্বয়কক চূড়ান্ত তালিকাত স্থান পোৱা লোক আৰু তেওঁৰ সতি-সন্ততিৰ পুনৰ নিৰীক্ষণৰ পিছত নাম কৰ্তনৰ নিৰ্দেশ দিছিল। অৱশ্যে জামিয়তে আদালতক অৱমাননা কৰাৰ আবেদন কৰিছিল যদিও উচ্চতম ন্যায়ালয়ে ইয়াক হস্তক্ষেপ আবেদন হিচাপে গণ্য কৰি শুনানি আৰম্ভ কৰে।
উচ্চতম ন্যায়ালয়ক অৱগত নকৰাকৈ শৰ্মাই 'Citizenship Rules (Registration of Citizens on Issue of National Identity Cards) Rules 2003'ৰ সূচী ৪(ক)ৰ দফা ৪(৩) আৰু ৪(৬)ৰ দোহাই দি জিলা উপায়ুক্ত আৰু DRCRক তেনে নিৰ্দেশ দিয়া কাৰ্য বে-আইনী বুলি অভিহিত কৰে আবেদনকাৰীয়ে। তেনে স্থলত উচ্চতম ন্যায়ালয়ৰ অনুমতি নোলোৱাকৈ চূড়ান্ত খচৰাৰ পৰা কাৰো নাম কৰ্তন নকৰিবলৈ নিৰ্দেশ বিচাৰে আবেদনকাৰীয়ে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : January 30, 2021, 08:36 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|