ন্যায়াধীশ অশোক ভূষণ, আৰ সুভাষ ৰেড্ডী আৰু এম আৰ শ্বাহৰ এখন তিনিজনীয়া বিচাৰপীঠে গ্ৰহণ কৰিবলৈ অমান্তি হয় দিল্লী আৰক্ষীৰ আবেদন।
ন্যায়াধীশ অশোক ভূষণ, আৰ সুভাষ ৰেড্ডী আৰু এম আৰ শ্বাহৰ এখন তিনিজনীয়া বিচাৰপীঠে গ্ৰহণ কৰিবলৈ অমান্তি হয় দিল্লী আৰক্ষীৰ আবেদন।
উত্তৰ-পূব দিল্লীৰ ধৰ্মীয় হিংসাৰ অন্যতম অভিযুক্ত দেবাংগনা কলিতাৰ জামিন নির্দেশক প্ৰত্যাহ্বান জনাই দিল্লী আৰক্ষীয়ে দাখিল কৰা আবেদন গ্ৰহণ নকৰিলে সৰ্বোচ্চ ন্যায়ালয়ে। ন্যায়াধীশ অশোক ভূষণ, আৰ সুভাষ ৰেড্ডী আৰু এম আৰ শ্বাহৰ এখন তিনিজনীয়া বিচাৰপীঠে গ্ৰহণ কৰিবলৈ অমান্তি হয় দিল্লী আৰক্ষীৰ আবেদন।
চৰকাৰী অধিবক্তা এছ ভি ৰাজুৱে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী দেবাংগনা প্ৰভাৱশালী হোৱাৰ সুবাদত প্ৰমাণ আৰু সাক্ষ্য ক্ষতিগ্ৰস্ত কৰিব পাৰে বুলি যুক্তি আগবঢ়াইছিল। কিন্তু উচ্চতম ন্যায়ালয়ে কোনো ব্যক্তি প্ৰভাৱশালী হোৱাটো জামিন বিৰোধিতা কৰাৰ ভিত্তি নহয় বুলি মন্তব্য কৰি আবেদনখন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|