মুখ্যপৃষ্ঠা »খবৰ »অসম »অসমৰ বন বিষয়াক মাৰণাস্ত্ৰ প্ৰদান কৰাৰ কাৰ্যক প্ৰশংসা উচ্চতম ন্যায়ালয়ৰ

অসমৰ বন বিষয়াক মাৰণাস্ত্ৰ প্ৰদান কৰাৰ কাৰ্যক প্ৰশংসা উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে বনকর্মী তথা বিষয়াসকলক মাৰণাস্ত্ৰ আৰু বুলেট প্ৰোফ জেকেট প্রদানৰ পোষকতা কৰে আৰু এই সন্দৰ্ভত কেন্দ্ৰ আৰু ৰাজ্য সমূহৰ পৰা উত্তৰ বিচাৰে।

উচ্চতম ন্যায়ালয়ে বনকর্মী তথা বিষয়াসকলক মাৰণাস্ত্ৰ আৰু বুলেট প্ৰোফ জেকেট প্রদানৰ পোষকতা কৰে আৰু এই সন্দৰ্ভত কেন্দ্ৰ আৰু ৰাজ্য সমূহৰ পৰা উত্তৰ বিচাৰে।

  • Share this:
অসমৰ বন-জংঘল সমূহত বসবাস কৰি থকা বন্যপ্ৰাণীসমূহক নিৰাপত্তা প্ৰদান কৰিবলৈ অসম চৰকাৰে লোৱা পদক্ষেপক প্ৰশংসা কৰিলে দেশৰ মুখ্য ন্যায়ধীশ শাৰদ অৰবিন্দ ববড়েই। তেওঁ কয় – অসমৰ বন-বিষয়াসকলক পদবী অনুযায়ী মাৰণাস্ত্ৰ প্ৰদান কৰা হৈছে আৰু যাৱতীয় প্ৰশিক্ষণ দিয়া হৈছে। যাৰ ফলত চোৰাং চিকাৰী অসমৰ  বনাঞ্চলত প্ৰৱেশ কৰিবলৈ সাহস নকৰে। তেওঁ মহাৰাষ্ট্ৰ চৰকাৰকো অনুৰূপ পদক্ষেপ লোৱাৰ কাৰণে প্ৰশংসা কৰে আৰু দেশৰ আন ৰাজ্যতো অসম তথা মহাৰাষ্ট্ৰ মডেল প্ৰৱৰ্তন কৰাৰ পোষকতা কৰে।

আজি উচ্চতম ন্যায়ালয়ত দেশৰ মুখ্য ন্যায়ধীশ শাৰদ অৰবিন্দ ববড়েৰ নেতৃত্বত গঠিত এখন তিনিজনীয়া বিচাৰপীঠে ৰাজস্থানৰ বনকর্মী জড়িত হৈ থকা এক গোচৰৰ শুনানি গ্রহণ কৰি এই মন্তব্য প্ৰদান কৰে। উচ্চতম ন্যায়ালয়ে বনকর্মী তথা বিষয়াসকলক মাৰণাস্ত্ৰ আৰু বুলেট প্ৰোফ জেকেট প্রদানৰ পোষকতা কৰে আৰু এই সন্দৰ্ভত কেন্দ্ৰ আৰু ৰাজ্য সমূহৰ পৰা উত্তৰ বিচাৰে।

শেহতীয়া বাতৰি