মুখ্যপৃষ্ঠা » খবৰ

» অসম

»অবৈধ বিদেশীক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

অবৈধ বিদেশীক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

News18-Assam
Updated:May 18, 2019, 9:57 AM IST
অবৈধ বিদেশীক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়
বিদেশী সন্দৰ্ভত বিদেশী ন্যায়াধিকৰণৰ ৰায় প্ৰযোজ্য হ’ব NRCত। ন্যায়াধিকৰণৰ দ্বাৰা ঘোষিত বিদেশী NRCতো বিদেশী হিচাপে চিহ্নিত হ’ব।

বিদেশী সন্দৰ্ভত বিদেশী ন্যায়াধিকৰণৰ ৰায় প্ৰযোজ্য হ’ব NRCত। ন্যায়াধিকৰণৰ দ্বাৰা ঘোষিত বিদেশী NRCতো বিদেশী হিচাপে চিহ্নিত হ’ব।

  • Share this:
অবৈধ নাগৰিকক লৈ এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। বিদেশী সন্দৰ্ভত বিদেশী ন্যায়াধিকৰণৰ ৰায় প্ৰযোজ্য হ’ব NRCত। ন্যায়াধিকৰণৰ দ্বাৰা ঘোষিত বিদেশী NRCতো বিদেশী হিচাপে চিহ্নিত হ’ব। ন্যায়াধিকৰণে বিদেশী হিচাপে চিহ্নিত কৰা এজন লোকে সাধাৰণ পৰিস্থিতিত পুনৰ আবেদন কৰিব নোৱাৰিব। অৱশ্যে NRCত বিদেশী হিচাপে চিহ্নিত লোকজনে ন্যায়াধিকৰণত বংশ বৃদ্ধিৰ নথিৰ ভিত্তিত পুনৰ আবেদন কৰিব পাৰিব।

আনহাতে, সৰ্বোচ্চ ন্যায়ালয়ে চিহ্নিত বিদেশীয়ে পুনৰ আবেদনৰ কাৰণে পৃথক এক ন্যায়াধিকৰণ গঠন কৰা নহ’ব বুলিও ৰায় প্ৰদান কৰিছে। বিগত সময়ত দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰে গঠিত এখন তিনিজনীয়া বিচাৰপীঠে আব্দুল কুদ্দুছ নামৰ এজন লোকৰ NRCত নাম অন্তৰ্ভুক্ত হ’লে ন্যায়াধিকৰণৰ বিপৰীত ৰায় বৈধ হিচাপে মানি নল’বলৈ কৰা আবেদনৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰিছিল। উচ্চতম ন্যায়ালয়ৰ বন্ধকালীন বিচাৰপীঠে সেই শুনানিৰ ৰায় প্ৰদান কৰে।
First published: May 18, 2019, 9:57 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি