অপৰাধ আৰু ৰাজনীতি পুৰণি সম্পৰ্ক! অপৰাধীয়ে আইনৰ চকুত ধূলি দি জনপ্ৰতিনিধি হৈ বিধানসভা আৰু লোকসভাৰ মৰ্যাদা ম্লান কৰে। কিন্তু এইবাৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে তেনে জনপ্ৰতিনিধিৰ বিৰুদ্ধে চলি থকা গোচৰসমূহj সবিশেষ তথ্য যুগুত কৰিছে। জনপ্ৰতিনিধিৰ বিৰুদ্ধে চলি থকা গোচৰ সমূহ নিম্ন আদালতত এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত মীমাংসা হোৱাৰ দিশত এক নিৰ্দেশ বিচাৰি উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি এই তথ্য বিচৰা হয়। উচ্চতম ন্যায়ালয়ে এই তথ্যসমূহ যুগুত কৰাৰ দায়িত্ব অৰ্পণ কৰে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজয় হানচাৰিয়াক।
জ্যেষ্ঠ অধিবক্তাজনে এই সন্দৰ্ভত বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত বিস্তৃত প্ৰতিবেদন দাখিল কৰে। প্ৰতিবেদনত উল্লেখ কৰা মতে, অসমত তেনে ৩৫টা অপৰাধমূলক গোচৰ ৰুজু হৈ আছে। তাৰে ২৫টা গোচৰ চলিত কাৰ্যকালৰ জনপ্ৰতিনিধিৰ (সাংসদ আৰু বিধায়ক)।
উল্লেখযোগ্য যে ইয়াৰে ১২টা গোচৰত দোষী সাব্যস্ত হ’লে যাৱজ্জীৱন কাৰাদণ্ড হ’ব পাৰে। এনেধৰণৰ ৮টা গোচৰত অভিযুক্ত হৈ আছে চলিত কাৰ্যকালৰ অসমৰ সাংসদ তথা বিধায়ক। এইসমূহৰ এটা এটা গোচৰত একাধিক জনপ্ৰতিনিধি অভিযুক্ত হৈ আছে। সেয়ে গোচৰৰ সংখ্যাৰ দুগুণতকৈ অধিক অভিযুক্ত জনপ্ৰতিনিধিৰ সংখ্যা।
এই তালিকাত শীর্ষস্থান দখল কৰিছে উত্তৰ প্ৰদেশে। দেশৰে সৰ্বাধিক জনবসতি থকা ৰাজ্যখনত জনপ্ৰতিনিধিৰ বিৰুদ্ধে ১২১৭টা গোচৰ ৰুজু হৈ আছে । সমগ্ৰ দেশতে এই সংখ্যাটো হৈছে ৪৪৪২।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 11, 2020, 09:03 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|