আজি ভাৰতৰ উচ্চতম ন্যায়ালয়ে শ্বাৰজিল ইমামৰ গোচৰসমূহ সংগবদ্ধ কৰাৰ আবেদনৰ শুনানি গ্ৰহণ কৰি অসম চৰকাৰৰ এই সন্দৰ্ভত মতামত বিচাৰি জাননী জাৰি কৰে। অসমৰ লগতে উত্তৰ প্ৰদেশ, মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ চৰকাৰকো জাননী জাৰি কৰা হয়। দিল্লী আৰক্ষীকে ধৰি এইসমূহ ৰাজ্যৰ আৰক্ষীয়ে জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰগৰাকীৰ বিৰূদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰিছিল।
ইমামে CAA বিৰোধী প্ৰতিবাদসমূহত প্রৰোচনামূলক ভাষণ দি দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাৰ অভিযোগ আছিল। ইমামে তেওঁৰ বিৰূদ্ধে ৰুজু হোৱা FIR সমূহ সংলগ্ন কৰি একেখন FIR হিচাপে গণ্য কৰি যিকোনো এটা তদন্তকাৰী সংস্থাই তদন্ত কৰাটো বিচাৰিছে।
আজি ন্যায়াধীশ অশোক ভূষণৰে গঠিত এখন বিচাৰপীঠে শুনানি গ্ৰহণ কৰি Solicitor General তুষাৰ মেহতাৰ মতামতক সঁহাৰি জনাই এই ৰাজ্যসমূহলৈ জাননী জাৰি কৰে। অহা বুধবাৰে দিল্লী চৰকাৰে জাননীৰ উত্তৰ দিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|