
৩১ আগষ্টত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। NRCত অন্তৰ্ভুক্তসকলৰ নাম অনলাইনযোগে প্ৰকাশ পাব।
৩১ আগষ্টত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। NRCত অন্তৰ্ভুক্তসকলৰ নাম অনলাইনযোগে প্ৰকাশ পাব।
NRCক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ঘোষণা। নথি পুনৰীক্ষণৰ সম্ভাৱনীয়তা নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে। আধাৰ কাৰ্ডৰ দৰেই গোপনীয় হ’ব NRCৰ তথ্য। ৩১ আগষ্টত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। NRCত অন্তৰ্ভুক্তসকলৰ নাম অনলাইনযোগে প্ৰকাশ পাব। বাদ পৰা সকলৰ নাম মাত্ৰ এবাৰহে প্ৰকাশ হ’ব।
NRCৰ তথ্য থাকিব কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ হাতত। NRCৰ সমন্বয়ৰ কাৰ্যালয়তো থাকিব সকলো তথ্য। প্ৰতিখন জিলালৈ প্ৰেৰণ কৰা হ’ব NRCৰ হাৰ্ড কপি। NRCৰ অনলাইন অধিকাৰ থাকিব কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু NRCৰ সমন্বয়কৰ হাতত। সন্দেহযুক্ত নাগৰিকৰ সন্তানৰ নাম অন্তৰ্ভুক্ত নহয় NRCত। নাম নাথাকে ২০০৪ৰ ৩ ডিচেম্বৰৰ পিছত জন্ম হোৱা সকলৰ। পুনৰ নতুনকৈ আৰম্ভ কৰা নহয় NRCৰ কাম।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|