মুখ্যপৃষ্ঠা »খবৰ »অসম »৩১ আগষ্টত প্ৰকাশ পাবই লাগিব চূড়ান্ত NRC, কঠোৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

৩১ আগষ্টত প্ৰকাশ পাবই লাগিব চূড়ান্ত NRC, কঠোৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ঘোষিত বিদেশীৰ সন্তানে জন্মসূত্ৰে নাগৰিকত্ব লাভ কৰা–নকৰাক লৈও উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰে।

ঘোষিত বিদেশীৰ সন্তানে জন্মসূত্ৰে নাগৰিকত্ব লাভ কৰা–নকৰাক লৈও উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰে।

ঘোষিত বিদেশীৰ সন্তানে জন্মসূত্ৰে নাগৰিকত্ব লাভ কৰা–নকৰাক লৈও উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰে।

  • Share this:
    ৩১ আগষ্টত প্ৰকাশ পাবই লাগিব চূড়ান্ত NRC। এই কঠোৰ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ। দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ আৰ এফ নাৰিমনৰে গঠিত খণ্ড বিচাৰপীঠে NRCক লৈ গ্ৰহণ কৰে শুনানি।

    ঘোষিত বিদেশীৰ সন্তানে জন্মসূত্ৰে নাগৰিকত্ব লাভ কৰা–নকৰাক লৈও উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰে। এই সন্দৰ্ভত NRCৰ সমন্বয়ক প্ৰতীক হাজেলাক এক প্ৰতবেদন দাখিল কৰিবলৈ নির্দেশ দিয়ে দেশৰ মুখ্য ন্যায়াধীশে। ইয়াৰ ৰায়দান ন্যায়ালয়ে সংৰক্ষিত কৰি ৰাখিছে।

    NRCৰ শুনানিৰ নামত বহু লোকক তাৎক্ষণিক জাননী জাৰি কৰি দুৰণিবটীয়া স্থানলৈ যোৱাৰ নিৰ্দেশ দিয়াৰ বিষয়টো উচ্চতম ন্যায়ালয়ক অৱগত কৰিছিল কংগ্রেছ দলে। এই সন্দৰ্ভত ন্যায়ালয়ে প্ৰতীক হাজেলাক যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নির্দেশ দিয়ে।

    আনহাতে, IMDT আইনৰ যোগেদি স্বদেশী বা বিদেশী হিচাপে চিহ্নিত লোকসকলৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ পৰা এক স্পষ্ট নির্দেশনা বিচাৰে প্ৰতীক হাজেলাই। এই সন্দৰ্ভতো ৰায় সংৰক্ষিত কৰি ৰাখে ন্যায়ালয়ে।

    শেহতীয়া বাতৰি