৩১ জুলাইৰ ভিতৰত প্ৰকাশ পাবই লাগিব NRCৰ চূড়ান্ত তালিকা, উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

News18-Assam
Updated:May 31, 2019, 9:34 AM IST
৩১ জুলাইৰ ভিতৰত প্ৰকাশ পাবই লাগিব NRCৰ চূড়ান্ত তালিকা, উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ
বিদেশী বহিষ্কাৰৰ বাবে অতিৰিক্ত বিদেশী ন্যায়ধীকৰণ গঠনৰো অনুমতি প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে।

বিদেশী বহিষ্কাৰৰ বাবে অতিৰিক্ত বিদেশী ন্যায়ধীকৰণ গঠনৰো অনুমতি প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে।

  • Share this:
৩১ জুলাইৰ ভিতৰত প্ৰকাশ পাব লাগিব NRCৰ চূড়ান্ত তালিকা। এই নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী বিষয়ক এক শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ অনিৰুদ্ধ বসুৰ বিশেষ বন্ধকালীন বিচাৰপীঠে প্ৰদান কৰিছে এই নিৰ্দেশনা। কিন্তু ইয়াৰ পূৰ্বে দাবী-আপত্তি প্ৰক্ৰিয়া খৰধৰ নকৰাকৈ তন্ন–তন্নকৈ পৰীক্ষা কৰি আইনসন্মত প্ৰক্ৰিয়াৰে সম্পন্ন কৰাৰ নিৰ্দেশ প্ৰদান কৰে সৰ্বোচ্চ ন্যায়ালয়ে।

বিদেশী বহিষ্কাৰৰ বাবে অতিৰিক্ত বিদেশী ন্যায়ধীকৰণ গঠনৰো অনুমতি প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰামৰ্শমৰ্মে অসম চৰকাৰে আগবঢ়োৱা প্ৰস্তাৱত ন্যায়ালয়ৰ সন্মতি। ন্যূনতম ৭ বছৰৰ অভিজ্ঞতাসম্পন্ন তথা ৩৫ বছৰৰ ঊৰ্ধ্বৰ আইনজীৱীয়ে ট্ৰিবিউনেলৰ ন্যায়াধীশ হ’ব পাৰিব। ন্যায়াধীশ হ’ব পাৰিব অৱসৰপ্ৰাপ্ত ন্যায়াধীশেও। ন্যায়িক ব্যাৱস্থা সম্পৰ্কে ন্যূনতম অভিজ্ঞতা থকা অৱসৰপ্ৰাপ্ত অতিৰিক্ত সচিব পৰ্যায়ৰ বিষয়াও ট্ৰিবিউনেলৰ ন্যায়াধীশ হ’ব পাৰিব। অতিৰিক্ত ২০০খন ন্যায়ধীকৰণ গঠন কৰা হ’ব ইয়াৰ বাবে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading