உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • কাজিৰঙাৰ এনিমেল কৰিড'ৰত শীঘ্ৰেই উচ্ছেদ অভিযান, কোনকেইটা স্থানত চলিব পাৰে অভিযান?

    কাজিৰঙাৰ এনিমেল কৰিড'ৰত শীঘ্ৰেই উচ্ছেদ অভিযান, কোনকেইটা স্থানত চলিব পাৰে অভিযান?

    প্ৰভাৱশালী মন্ত্ৰীয়ে আত্মীয়ৰ নামত এনিমেল কৰিড'ৰ হিচাপে চিহ্নিত এটা স্থানত নির্মাণকার্য চলাই আছে৷

    প্ৰভাৱশালী মন্ত্ৰীয়ে আত্মীয়ৰ নামত এনিমেল কৰিড'ৰ হিচাপে চিহ্নিত এটা স্থানত নির্মাণকার্য চলাই আছে৷

    প্ৰভাৱশালী মন্ত্ৰীয়ে আত্মীয়ৰ নামত এনিমেল কৰিড'ৰ হিচাপে চিহ্নিত এটা স্থানত নির্মাণকার্য চলাই আছে৷

    • Share this:

    শীঘ্ৰেই উচ্ছেদ অভিযান চলিব পাৰে কাজিৰঙাৰ এনিমেল কৰিড'ৰৰ অবৈধ নির্মাণত। উচ্চতম ন্যায়ালয়ৰ নির্দেশৰ পিছতেই এতিয়া সষ্টম হৈছে বন বিভাগ, প্ৰশাসন। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে পাৰ হৈ যোৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত থকা ৯টাকৈ এনিমেল কৰিড'ৰৰ অবৈধ নিৰ্মাণকাৰ্যক লৈ কঠোৰ হৈছে উচ্চতম ন্যায়ালয়।


    যোৱা ৬ অক্টোবৰত ৰাজ্যৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰা এক পত্ৰযোগে চাৰি সপ্তাহৰ ভিতৰত এই কৰিড'ৰসমূহত চলা নির্মাণকার্য সম্পূর্ণৰূপে ধ্বংস কৰিবলৈ নির্দেশনা দিছে৷ উল্লেখ্য যে ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যজন্তু আহ-যাহ কৰা স্থান হিচাপে পাণবাৰী, হালধিবাৰী, কাঞ্চনজুৰি, দেউচুৰ, চিৰাং, আমগুৰি,শিলজুৰি, বাগৰি, হাৰমতি আদিক স্পর্শকাতৰ এনিমেল কৰিড'ৰ হিচাপে চিহ্নিত কৰা হৈছে৷


    কিন্তু বিগত দিনসমূহত একাংশ প্ৰভাৱশালী চক্ৰই উক্ত এনিমেল কৰিড'ৰ এলেকাত অবাধ গতিত নির্মাণকার্য চলাইছিল৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, অসম চৰকাৰৰ বর্তমানৰ এজন অতি প্ৰভাৱশালী মন্ত্ৰীয়ে আত্মীয়ৰ নামতো এনিমেল কৰিড'ৰ হিচাপে চিহ্নিত এটা স্থানত নির্মাণকার্য চলাই আছে৷


    ইফালে, এই স্পর্শকাতৰ বিষয়টো সন্দর্ভত বোকাখাতৰ পৰিৱেশ কর্মী ৰোহিত চৌধুৰীয়ে উচ্চতম ন্যায়ালয়ক অৱগত কৰিছিল৷ ন্যায়ালয়ে বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰি বিবেচনা কৰিছিল৷ অৱশেষত উচ্চতম ন্যায়ালয়ৰ এম্পাৱাৰ্ড কমিটিয়ে বিষয়টো গুৰুত্বসহকাৰে লৈ যোৱা ৬ অক্টোবৰ তাৰিখে ৰাজ্যৰ মুখ্য সচিবলৈ এক পত্ৰ প্ৰেৰণ কৰে।

    Published by:Gautam Barman
    First published: