মুখ্যপৃষ্ঠা »খবৰ »অসম »HS 2nd Year Final Examination: অসমত দ্বাদশ শ্ৰেণীৰ পৰীক্ষা হ’বনে? অপেক্ষা কৰক ১৭ জুনলৈ! কাৰণ...

HS 2nd Year Final Examination: অসমত দ্বাদশ শ্ৰেণীৰ পৰীক্ষা হ’বনে? অপেক্ষা কৰক ১৭ জুনলৈ! কাৰণ...

representative image

representative image

CBSEৰ বিকল্প মূল্যায়নৰ ফৰ্মূলাক অধ্যয়ন কৰি অসমৰ চৰকাৰে ল’ব সিদ্ধান্ত  

  • Share this:
উচ্চতম ন্যায়ালয়ে Central Board of Secondary Education চমুকৈ CBSEক বিকল্প মূল্যায়নৰ ফৰ্মূলা প্ৰস্তুত কৰি দুসপ্তাহৰ ভিতৰত অৱগত কৰিবলৈ নিৰ্দেশ দিছে। বৃহস্পতি বাৰে এই সন্দৰ্ভত এক শুনানি গ্ৰহণ কৰি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে অনুৰূপ নিৰ্দেশ Council for Indian School Certificate Examination চমুকৈ CISCEকো প্ৰদান কৰিছে।

শুনানিৰ সময়ছোৱাত ভাৰত চৰকাৰক প্ৰতিনিধিত্ব কৰি Attorney General কে কে বেণুগোপালে  উচ্চতম ন্যায়ালয়ক কেন্দ্ৰীয় চৰকাৰৰ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্তৰ বিষয়ে এক পত্ৰ যোগে অৱগত কৰে। পত্ৰ গ্ৰহণ কৰি ন্যায়াধীশ এ এম খনৱীলকাৰ আৰু দীনেশ মহেশ্বৰীৰে গঠিত খণ্ড বিচাৰপীঠে শিক্ষাৰ্থী সকলৰ কাৰণে বিকল্প মূল্যায়নৰ কি নীতি গ্ৰহণ কৰা হৈছে সেই প্ৰশ্নৰ অৱতাৰণা কৰে।  চৰকাৰৰ অধিবক্তা জনে ইয়াৰ কাৰণে অতি কমেও তিনি সপ্তাহৰ প্ৰয়োজন হ’ব বুলি মতপোষণ কৰে। কিন্তু উচ্চতম ন্যায়ালয়ে চৰকাৰক এই কামৰ কাৰণে দুসপ্তাহৰ সময়সীমা বান্ধি দিয়ে।

উল্লেখযোগ্য যে, মঙলবাৰে বিকল্প মূল্যায়ন পদ্ধতি নিৰ্ধাৰণ নকৰাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীৰ হস্তক্ষেপত CBSEয়ে Covid-19 মহামাৰীৰ ফলত দেশত সৃষ্টি হোৱা পৰিৱেশৰ কাৰণে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰে । এইবাৰ CBSEৰ পাঠ্যক্ৰমৰ অধীনত সমগ্ৰ দেশৰে ১৪ লাখ ছাত্র-ছাত্ৰীয়ে দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথা আছিল । CBSEৰ এই সিদ্ধান্তৰ পিছত CISCEয়ে পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি অসম চৰকাৰে পৰীক্ষা পতা বা নপতাৰ সিদ্ধান্ত CBSEৰ (বিকল্প মূল্যায়নৰ) Guidelines অহাৰ পিছত সেইখন পুংখানুপুংখকৈ অধ্যয়ন কৰি পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি জনাইছিল। ১৭ জুনৰ ভিতৰত যিহেতু কেন্দ্ৰীয় চৰকাৰে পৰীক্ষাৰ বিকল্প মূল্যায়নৰ বাবে কি নীতি গ্ৰহণ কৰিব, সেই বিষয়ে ন্য়ায়ালয়ক জনাব, গতিকে আশা কৰা হৈছে যে, ইয়াৰ পিছতে অসমতো উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰা নকৰাৰ এক স্পষ্ট ছবি প্ৰকাশ কৰিব অসম চৰকাৰে।

উল্লেখ্য যে, অধিবক্তা মমতা শর্মাই উচ্চতম ন্যায়ালয়ত সমগ্র দেশৰ ৰাজ্যিক বোৰ্ড সমূহৰ কাৰণেও পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত একেধৰণৰ নির্দেশ বিচাৰি লেখ আবেদন দাখিল কৰিছিল। যদিও মহাৰাষ্ট্ৰ, ৰাজস্থান, মধ্য প্ৰদেশ, উত্তৰাখণ্ড আদি ৰাজ্যই নিজা বোর্ডৰ পৰীক্ষা বাতিল কৰিছে কিন্তু অসমকে ধৰি গৰিষ্ঠসংখ্যক ৰাজ্যই এই সন্দৰ্ভত একো সিদ্ধান্তত উপনীত হ’ব পৰা নাই । এতিয়া অপেক্ষা ১৭জুনলৈ !

শেহতীয়া বাতৰি