• Home
  • »
  • News
  • »
  • assam
  • »
  • ন্যায়ৰ সন্ধানত ন্যায়াধীশ! ৮ ডিচেম্বৰত মুকলি হ’ব ৰঞ্জন গগৈৰ আত্মজীৱনী Justice for the Judge – An Autobiography; উন্মোচিত হ’ব বহু কেইটা গোপন তথ্য 

ন্যায়ৰ সন্ধানত ন্যায়াধীশ! ৮ ডিচেম্বৰত মুকলি হ’ব ৰঞ্জন গগৈৰ আত্মজীৱনী Justice for the Judge – An Autobiography; উন্মোচিত হ’ব বহু কেইটা গোপন তথ্য 

ঘটনাবহুল আছিল গগৈৰ কাৰ্যকাল আৰু তেওঁ সদায় সংবাদ শিৰোনাম দখল কৰিছিল। গতিকে তেওঁৰ দৃষ্টিকোণৰ পৰা এই ঘটনা সমূহৰ বিৱৰণ আত্মজীৱনীখনত স্থান পোৱাৰ সম্ভাৱনা আছে।

ঘটনাবহুল আছিল গগৈৰ কাৰ্যকাল আৰু তেওঁ সদায় সংবাদ শিৰোনাম দখল কৰিছিল। গতিকে তেওঁৰ দৃষ্টিকোণৰ পৰা এই ঘটনা সমূহৰ বিৱৰণ আত্মজীৱনীখনত স্থান পোৱাৰ সম্ভাৱনা আছে।

ঘটনাবহুল আছিল গগৈৰ কাৰ্যকাল আৰু তেওঁ সদায় সংবাদ শিৰোনাম দখল কৰিছিল। গতিকে তেওঁৰ দৃষ্টিকোণৰ পৰা এই ঘটনা সমূহৰ বিৱৰণ আত্মজীৱনীখনত স্থান পোৱাৰ সম্ভাৱনা আছে।

  • Share this:
ন্যায়ৰ সন্ধান বিচাৰি আত্মজীৱনী লিখিছে ৰঞ্জন গগৈয়ে। অহা ডিচেম্বৰৰ ৮ তাৰিখে নতুন দিল্লীত উন্মোচন হ’ব দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ আত্মজীৱনীখন। ৰূপা প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ কৰা ৰঞ্জন গগৈৰ আত্মজীৱনীখনৰ নাম Justice for the Judge – An Autobiography । দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই উন্মোচন কৰিব গ্ৰন্থখন। মুকলি হোৱাৰ পূর্বেই গ্ৰন্থখনৰ বিষয়ে আলোচনা হোৱা পৰিলক্ষিত হৈছে ।

তেওঁৰ কাৰ্যকালৰ সময়ত সূত্ৰপাত হোৱা বিতৰ্কসমূহৰ সন্দৰ্ভত ৰাজ্যসভাৰ সাংসদ গগৈয়ে গ্ৰন্থখনৰ জৰিয়তে নিজৰ মন্তব্য প্ৰদান কৰিব বুলি আশা কৰা হৈছে। গ্ৰন্থখনৰ নামটোলৈ চাই তেওঁক কেন্দ্ৰ কৰি উত্থাপন হোৱা বিতৰ্ক সমূহৰ কৈফিয়ত দিব বুলি সমালোচক সকলে অনুমান কৰিছে। ন্যায়াধীশ গগৈৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ এজন কৰ্মচাৰীয়ে যৌন নিৰ্যাতনৰ অভিযোগ আনিছিল।

অযোধ্যা ভূমি বিবাদৰ তেওঁৰ নেতৃত্বত গঠন হোৱা ৫জনীয়া এখন সাংবিধানিক বিচাৰপীঠে চূড়ান্ত ৰায় প্ৰদান কৰিছিল। উল্লেখযোগ্য যে, ৰঞ্জন গগৈয়ে অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সন্দৰ্ভৰ গোচৰৰো শুনানি গ্রহণ কৰিছিল।  এক প্ৰকাৰ ঘটনাবহুল আছিল তেওঁৰ কাৰ্যকাল আৰু তেওঁ সদায় সংবাদ শিৰোনাম দখল কৰিছিল। গতিকে তেওঁৰ দৃষ্টিকোণৰ পৰা এই ঘটনা সমূহৰ বিৱৰণ আত্মজীৱনীখনত স্থান পোৱাৰ সম্ভাৱনা।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Himangshu Bhuyan
First published: