উচ্চতম ন্যায়ালয়ে সোমবাৰে AIUDF-এ উত্তৰ-পূবৰ চাৰি ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ (Delimitation) ২৮ ফেব্ৰুৱাৰীৰ ৰাষ্ট্ৰপতিৰ নির্দেশক প্ৰত্যাহ্বান জনাই জমা দিয়া লেখ আবেদনৰ শুনানি গ্ৰহণ কৰে। দেশৰ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ববড়েৰে গঠিত তিনিজনীয়া বিচাৰপীঠে ৰাজ্য চৰকাৰ কেইখনে (অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ) মে’ মাহতে সৰ্বোচ্চ ন্যায়ালয়ে প্ৰেৰণ কৰা জাননীৰ উত্তৰ নিদিয়াৰ কাৰণে ক্ষোভিত হয় আৰু দুই সপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ নির্দেশ দিয়ে।
আবেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা ৰাজু ৰামাচন্দ্ৰনে বিষয়টো অতি জৰুৰী আৰু মে’ মাহতে জাননী জাৰী কৰা হৈছিল বুলি উচ্চতম ন্যায়ালয়ক অৱগত কৰে। উচ্চতম ন্যায়ালয়ে তেতিয়া নাগালেণ্ডৰ প্ৰতিনিধিজনক উদ্দেশ্যি কয় – যদি ২ সপ্তাহৰ ভিতৰত উত্তৰ নিদিয়ে তেন্তে তেওঁলোকৰ অবিহনে আদালত শুনানিৰ দিশত অগ্ৰসৰ হ’ব।
অসম চৰকাৰৰ প্ৰতিনিধিয়ে জাননী জাৰি কৰাৰ পাঁচ মাহৰ পিছতো আদালতৰ পৰা ২ সপ্তাহৰ অধিক সময় বিচাৰিছিল। কিন্তু আদালতে অনুমতি প্ৰদান নকৰিলে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : November 02, 2020, 15:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|