உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • প্ৰতিবাদক সন্ত্ৰাসবাদ–ৰাষ্ট্ৰদ্ৰোহ বুলি ক’ব নোৱাৰি; অখিলক দোষমুক্ত কৰি NIA আদালতে কৰা এই মন্তব্য দোহাৰে উপমন্যু হাজৰিকাই

    প্ৰতিবাদক সন্ত্ৰাসবাদ–ৰাষ্ট্ৰদ্ৰোহ বুলি ক’ব নোৱাৰি; অখিলক দোষমুক্ত কৰি NIA আদালতে কৰা এই মন্তব্য দোহাৰে উপমন্যু হাজৰিকাই

    বন্ধৰ আহ্বান আদিক সন্ত্ৰাসবাদ বা ৰাষ্ট্ৰদ্ৰোহ  বুলি ক’ব নোৱাৰি বুলি কোর্টে কৰা মন্তব্যটোও দোহাৰে জ্যেষ্ঠ অধিবক্তাজনে।

    বন্ধৰ আহ্বান আদিক সন্ত্ৰাসবাদ বা ৰাষ্ট্ৰদ্ৰোহ  বুলি ক’ব নোৱাৰি বুলি কোর্টে কৰা মন্তব্যটোও দোহাৰে জ্যেষ্ঠ অধিবক্তাজনে।

    বন্ধৰ আহ্বান আদিক সন্ত্ৰাসবাদ বা ৰাষ্ট্ৰদ্ৰোহ  বুলি ক’ব নোৱাৰি বুলি কোর্টে কৰা মন্তব্যটোও দোহাৰে জ্যেষ্ঠ অধিবক্তাজনে।

    • Share this:
    গুৱাহাটীৰ NIA আদালতে অখিল গগৈৰ লগতে তেওঁৰ সতীৰ্থ ধৈৰ্য্য কোঁৱৰ, মানস কোঁৱৰ আৰু বিতু সোণোৱালক মুক্তি দি প্ৰদান কৰা ৰায়দানত স্পষ্টভাৱে উল্লেখ কৰিছে যে তেওঁলোক কোনো সন্ত্ৰাসবাদী বা‌ ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত জড়িত নহয়। ৰায়দানৰ প্ৰতিলিপি অধ্যয়ন কৰি এক প্ৰেছ বিজ্ঞপ্তিৰ যোগেদি এই মন্তব্য কৰে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই। তেওঁ লগতে কয় - গগৈয়ে দিয়া ভাষণ অধ্যয়ন কৰি আদালতে হিংসাৰ উচতনি যোগোৱা কোনো তথ্য নাপালে বৰঞ্চ গগৈয়ে বাৰম্বাৰ শান্তিপূৰ্বক প্ৰতিবাদ কৰিবলৈহে জনসাধাৰণক আহ্বান জনাইছিল বুলিহে আদালতে মতপোষণ কৰে।

    প্ৰতিবাদ, বন্ধৰ আহ্বান আদিক সন্ত্ৰাসবাদ বা ৰাষ্ট্ৰদ্ৰোহ  বুলি ক’ব নোৱাৰি বুলি কোর্টে কৰা মন্তব্যটোও দোহাৰে জ্যেষ্ঠ অধিবক্তাজনে। হাজৰিকাই কয় - সেয়ে আদালতে গগৈৰ বিৰুদ্ধে থকা সন্ত্ৰাসবাদ আৰু ৰাষ্ট্ৰদ্ৰোহৰ গোচৰসমূহ খাৰিজ কৰে। এই ৰায়দান অতিকৈ গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি হাজৰিকাই কয় - যিহেতু তদন্তৰ পৰ্যায়তে আদলতে শাসকীয় পক্ষই জাপি দিয়া অভিযোগ নাকচ কৰিলে আৰু গোচৰটোত trialৰ প্ৰয়োজনে নহ’ল; ইয়েই প্ৰমাণ কৰে যে শাসকীয় পক্ষৰ অভিযোগ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নাছিল। গগৈ আৰু তেওঁৰ সতীৰ্থই বন্দীৰ ডেৰ বছৰ কোনো কালেই ওভতাই নাপায় বুলি কয় দুখ প্ৰকাশ কৰে হাজৰিকাই।

    অৱশ্যে এই ৰায়দানে গণতন্ত্ৰত বিশ্বাসী লোকৰ মাজত এক আশাৰ সঞ্চাৰ কৰিছে বুলিও ভাৱে হাজৰিকাই। পলমকৈ হ'লেও, এই ৰায়দানে ন্যায়পালিকাৰ ওপৰত জনসাধাৰণৰ বিশ্বাস দৃঢ় কৰিব বুলি মন্তব্য হাজৰিকাৰ।
    Published by:Sanjay Kumar Das
    First published: