মুখ্যপৃষ্ঠা » খবৰ

» অসম

»CAAত নাই ধৰ্মীয় অত্যাচাৰৰ কথা, বাংলাদেশৰ সকলো সংখ্যালঘু লোকক নাগৰিকত্ব দিয়াৰ পৰিকল্পনা!

CAAত নাই ধৰ্মীয় অত্যাচাৰৰ কথা, বাংলাদেশৰ সকলো সংখ্যালঘু লোকক নাগৰিকত্ব দিয়াৰ পৰিকল্পনা!

News18 Assam | News18-Assam
Updated:December 17, 2019, 6:04 PM IST
CAAত নাই ধৰ্মীয় অত্যাচাৰৰ কথা, বাংলাদেশৰ সকলো সংখ্যালঘু লোকক নাগৰিকত্ব দিয়াৰ পৰিকল্পনা!
FILE PHOTO

নাগৰিকত্ব সংশোধনী আইনৰ যোগেদি সচাকৈ ধৰ্মীয় অত্যাচাৰৰ সন্মুখীন হোৱাৰ লোকে নাগৰিকত্ব পাবনে?

  • Share this:
কেন্দ্ৰীয় চৰকাৰে চুবুৰীয়া দেশত ধৰ্মীয় অত্যাচাৰৰ বলি হৈ ভাৰতলৈ পলায়ন কৰা লোকক নাগৰিকত্ব প্ৰদান কৰাৰ উদ্দেশ্যে আনিছে নাগৰিকত্ব সংশোধনী আইন। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে এই আইনত উল্লেখ থকা অবৈধ অনুপ্ৰৱেশকাৰীৰ সংজ্ঞাত কিন্তু কোনো উল্লেখ নাই ধৰ্মীয় অত্যাচাৰৰ বিষয়টো। বিধেয়কৰ লগত সংলগ্ন Statement of Objects and Reasonsত চৰকাৰে কৌশলগতভাৱে ধৰ্মীয় অত্যাচাৰৰ কথাটো উল্লেখ কৰি আইনখনত এই কথা এৰাই চলাৰ অভিযোগ উত্থাপন হৈছে। উচ্চতম ন্যায়ালয়ৰ অধিবক্তা ৰাজা চেটাৰ্জীয়ে আঙুলিয়াই দিছে বহু বিতৰ্কিত আইনখনৰ এই তাৎপৰ্যপূৰ্ণ দিশটো।

অধিবক্তাজনৰ মতে, এনে পৰিপ্ৰেক্ষিতত বাংলাদেশৰ পৰা অহা সকলো হিন্দু লোকে নাগৰিকত্ব লাভ কৰাৰ অৱকাশ নুই কৰিব নোৱাৰি। আনহাতে, বিধেয়কৰ যোগেদি চৰকাৰে নাগৰিকত্ব প্ৰদানৰ ক্ষেত্ৰত নিয়মাৱলী নিৰ্ধাৰণ কৰাৰ সম্পূৰ্ণ ক্ষমতা নিজলৈ হস্তান্তৰ কৰি লৈছে। আইনখনৰ সন্দৰ্ভত নিয়ম প্ৰস্তুত কৰিবলৈ চৰকাৰক প্ৰয়োজন নহ’ব কোনো বিধেয়কৰ। গতিকে ধৰ্মীয় অত্যাচাৰৰ চৰ্ত নিজ ইচ্ছাৰে লগাব পাৰিব বা আঁতৰাব পাৰিব চৰকাৰে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
Published by: Sanjay Kumar Das
First published: December 17, 2019, 6:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি