• Home
  • »
  • News
  • »
  • assam
  • »
  • শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ বিৰুদ্ধে বাঘবৰ সমষ্টিত বন্ধ পালন, বিনা চৰ্তে মুক্তিৰ দাবীত মন্দিয়া ব্লক কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ 

শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ বিৰুদ্ধে বাঘবৰ সমষ্টিত বন্ধ পালন, বিনা চৰ্তে মুক্তিৰ দাবীত মন্দিয়া ব্লক কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ 

বাঘবৰৰ কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদক গ্ৰেপ্তাৰৰ প্ৰতিবাদত বাঘবৰ সমষ্টিত বন্ধ পালন ৷

বাঘবৰৰ কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদক গ্ৰেপ্তাৰৰ প্ৰতিবাদত বাঘবৰ সমষ্টিত বন্ধ পালন ৷

বাঘবৰৰ কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদক গ্ৰেপ্তাৰৰ প্ৰতিবাদত বাঘবৰ সমষ্টিত বন্ধ পালন ৷

  • Share this:
অসম আন্দোলনৰ শ্বহীদক ঘাতক আখ্যা দিয়া বিধায়ক শ্বেৰমান আলীক শনিবাৰে গ্ৰেপ্তাৰ কৰা হয়। কিন্তু বিধায়কজনক গ্ৰেপ্তাৰৰ পিছতে একাংশই চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে। বিতৰ্কিত বিধায়কজনক গ্ৰেপ্তাৰৰ প্ৰতিবাদত বাঘবৰ সমষ্টিত বন্ধ পালন কৰা হয়। ফলত দেওবাৰে পুৱাৰে পৰা বাঘবৰৰ সমষ্টিৰ সকলো হাট-বজাৰ, চʼক, গাড়ী-মটৰৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ।

মন্দিয়া ব্লক কংগ্ৰেছৰ আহ্বানত আৰু একাংশ ৰাইজৰ সহযোগত পুৱা ৫ বজাৰ পৰা আবেলি ৫ বজালৈ ১২ ঘন্টীয়া বাঘবৰ সমষ্টি বন্ধ ঘোষণা  কৰা হৈছে। বন্ধৰ প্ৰতি ব্যাপক সঁহাৰি জনাইছে ৰাইজৰ । সমষ্টিটোৰ মন্দিয়া, সত্ৰকণৰা, দিঘীৰপাম, বামুনদংৰাকে ধৰি বহু ঠাইত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।

প্ৰতিবাদকাৰী সকলে বিধায়ক শ্বেৰমান আলী আহমেদক বিনাচৰ্তে মুক্তিৰ দাবী জনোৱাৰ লগতে বিভিন্ন শ্লোগানৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে  শ্বেৰমান আলী আহমেদ গ্ৰেপ্তাৰ হোৱাৰ পিছত কংগ্ৰেছ বিধায়িনী দলে জৰুৰী বৈঠকৰ আয়োজন কৰিছে ৷ শ্বেৰমান সন্দৰ্ভত বিধায়িনী দলে ল'ব সিদ্ধান্ত ৷ উপ নিৰ্বাচন সংক্ৰান্ততো হ'ব আলোচনা ৷ বৈঠকত উপস্থিত আছে APCCৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ দলপতি ৰকিবুল হুছেইনসহ কংগ্ৰেছৰ বিধায়কসকল ৷
Published by:Himangshu Bhuyan
First published: