জানুৱাৰীলৈ ৰাজ্যবাসীক কন্দুৱাব পিঁয়াজে, কোনো কাৰণত নকমে পিঁয়াজৰ দাম

ইয়াৰ মাজতে আজি চেম্বাৰ্ছ অৱ কমাৰ্চৰ সৈতে পিঁয়াজৰ মূল্যবৃদ্ধিক লৈ এক বৈঠকত মিলিত হয় যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী।

News18-Assam
Updated:November 6, 2019, 3:20 PM IST
জানুৱাৰীলৈ ৰাজ্যবাসীক কন্দুৱাব পিঁয়াজে, কোনো কাৰণত নকমে পিঁয়াজৰ দাম
ইয়াৰ মাজতে আজি চেম্বাৰ্ছ অৱ কমাৰ্চৰ সৈতে পিঁয়াজৰ মূল্যবৃদ্ধিক লৈ এক বৈঠকত মিলিত হয় যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী।
News18-Assam
Updated: November 6, 2019, 3:20 PM IST
পিঁয়াজে কন্দুৱাইছে ৰাজ্যবাসীক। প্ৰতিদিনে বৃদ্ধি পাইছে ৰঙা পিঁয়াজৰ দাম। ক্ৰমাৎ চেঞ্চুৰীৰ দিশে আগবাঢ়িছে পিয়াঁজৰ মূল্য। বৰ্তমান ৮০ টকা হৈছেগৈ প্ৰতি কিলোগ্ৰাম পিঁয়াজ। ইয়াৰ মাজতে আজি চেম্বাৰ্ছ অৱ কমাৰ্চৰ সৈতে পিঁয়াজৰ মূল্যবৃদ্ধিক লৈ এক বৈঠকত মিলিত হয় যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী।

বৈঠকৰ অন্তত চেম্বাৰ্ছ অৱ কমাৰ্চে কয় যে জানুৱাৰীলৈ হ্ৰাস নাপায় পিঁয়াজৰ দাম। নাছিকৰ পিঁয়াজ আহিছে যদিও দাম কমা নাই। মূল উৎসত পিঁয়াজৰ উৎপাদন হ্ৰাস পোৱাত বৃদ্ধি হৈছে দাম। গতিকে ৰাজ্যবাসীয়ে আৰু দুমাহ পিঁয়াজৰ মূল্যক লৈ খাব লাগিব জলাকলা।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি