মিঠাতেলৰ উৰ্ধমুখী মূল্যই কন্দুৱাইছে ৰান্ধনীক ৷ কন্দুৱাইছে গৃহস্থকো ৷ মিঠাতেলৰ এনে অভাৱনীয় মূল্যবৃদ্ধিয়ে জুৰুলা কৰা ৰাইজৰ দুখৰ সমভাগী যোগান মন্ত্ৰী ৰণজিত কুমাৰ দাস ৷ পিছে তেওঁ কমাব নোৱাৰে মিঠাতেলৰ দাম ৷ তাৰ বাবে দিল্লীৰ পলিচীৰ ওপৰতহে নিৰ্ভৰশীল যোগান মন্ত্ৰী ৷
এতিয়া বিদেশৰ পৰা মিঠাতেলৰ আমদানি অথবা সৰিয়হ উৎপাদনৰ সময়লৈ অপেক্ষা কৰাৰ বাহিৰে অন্য কোনো পথ নাই যোগান মন্ত্ৰীৰ হাতত ৷ তাৰবাবে যদি মিঠাতেলৰ মূল্য ২০০ টকাও চেৰাই যায় তথাপি অসহায় যোগান মন্ত্ৰী ৷