• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘কোনেও নিজৰ ইচ্ছামতে দাম বঢ়াব নোৱাৰিব’ – ৰঙিয়াৰ তুলসীবাৰীত ব্যৱসায়ীক সকীয়নি যোগান বিভাগৰ

‘কোনেও নিজৰ ইচ্ছামতে দাম বঢ়াব নোৱাৰিব’ – ৰঙিয়াৰ তুলসীবাৰীত ব্যৱসায়ীক সকীয়নি যোগান বিভাগৰ

খুচুৰা তথা পাইকাৰী ব্যৱসায়ীসকলে নিজ নিজ দোকানত সামগ্ৰীৰ নিৰ্ধাৰিত মূল্য সন্নিৱিষ্ট ফলক আঁৰি দিয়াকে ধৰি কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে যোগান বিভাগে।

  • Share this:
    ৰঙিয়াৰ তুলসীবাৰীত মূল্যবৃদ্ধিক লৈ ব্যৱসায়ী সন্থাক সকিয়নী যোগান বিভাগৰ। নিজ ময়মতালিৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰিব নোৱাৰিব কোনো ব্যৱসায়ীয়ে। যোগান বিভাগে নিৰ্ধাৰণ কৰা মূল্যতকৈ অধিক দাম ল’লে কঠোৰ হ’ব ৰঙিয়া মহকুমা প্ৰশাসন।

    খুচুৰা তথা পাইকাৰী ব্যৱসায়ীসকলে নিজ নিজ দোকানত সামগ্ৰীৰ নিৰ্ধাৰিত মূল্য সন্নিৱিষ্ট ফলক আঁৰি দিয়াকে ধৰি কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে যোগান বিভাগে।

    ৰাজ্যত কোৰোণা সংক্ৰমণ ৰোধৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে জাৰি কৰা SoPয়ে প্ৰভাৱিত কৰিছে সৰ্বসাধাৰণ লোকক। এনে সময়তে খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে গ্ৰাহকসকলক। এনে সময়ত অসাধু ব্যৱসায়ীয়ে যাতে পৰিস্থিতিৰ সুযোগ ল’ব নোৱাৰাৰ বাবে ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পালে গ্ৰহণ কৰিছে কেতবোৰ ব্যৱস্থা।

    মূল্যবৃদ্ধি নিযয়ন্ত্ৰণৰ লক্ষ্যৰে মহকুমাধিপতিগৰাকীয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি যোগান বিভাগে ৰঙিয়াৰ বিভিন্ন স্থানত খুচুৰা আৰু পাইকাৰী বিক্ৰেতা সকলক লৈ সভা অনুষ্ঠিত কৰিছে। তুলসীবাৰী বজাৰৰ ব্যৱসায়ী সকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্য অনুষ্ঠিত কৰা হয় এখন সভা। সভাখনত ৰঙিয়া যোগান বিভাগৰ বিষয়া উপস্থিত থাকি ব্যৱসায়ীসকলৰ সৈতে মত বিনিময় কৰে।
    Published by:Sanjay Kumar Das
    First published: