• Home
  • »
  • News
  • »
  • assam
  • »
  • অন্ধবিশ্বাসে কৰিছে গ্ৰাস! মৃত মহিলাক মন্ত্ৰ উচ্চাৰণেৰে জীয়াই তোলাৰ অপচেষ্টা একাংশৰ

অন্ধবিশ্বাসে কৰিছে গ্ৰাস! মৃত মহিলাক মন্ত্ৰ উচ্চাৰণেৰে জীয়াই তোলাৰ অপচেষ্টা একাংশৰ

নাহৰকটীয়াত সংঘটিত হৈছে এই ঘটনা।

নাহৰকটীয়াত সংঘটিত হৈছে এই ঘটনা।

নাহৰকটীয়াত সংঘটিত হৈছে এই ঘটনা।

  • Share this:
এতিয়াও অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত একাংশ লোক। মৃত মহিলাক মন্ত্ৰ উচ্চাৰণেৰে জীয়াই তোলাৰ চেষ্টা একাংশৰ। নাহৰকটীয়াত সংঘটিত হৈছে এই ঘটনা।

বুধবাৰে নাহৰকটীয়াৰ জয়পুৰ টিপাম ফাকিয়াল গাওঁৰ চিউবালি বিন নামৰ এজন লোকৰ পত্নী উৰ্মিলা দেৱীক গাওঁৰে এজন লোকৰ বাৰীত ঘাঁহ কাটি থকাৰ অৱস্থাত কোডো বৰলে আক্ৰমণ কৰে। বহু কেইটা কোডো বৰলে একে সময়তে মহিলা গৰাকীক আক্ৰমণ কৰাৰ পিছতে মহিলাগৰাকী অসুস্থ হৈ পৰে। লগে লগে অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় আহত মহিলাগৰাকীক।

চিকিত্‍সাৰ অন্তত মহিলাগৰাকীক ঘৰলৈ লৈ অনা হয় যদিও বৃহস্পতিবাৰে শৰীৰত প্ৰচণ্ড বিষ অনুভৱ কৰে। লগে লগে স্থানীয় জয়পুৰ স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয়। কিন্তু চিকিত্‍সকে মৃত ঘোষণা কৰে মহিলাগৰাকীক।

তাৰ পিছতেই গাওঁৰ মন্দিৰৰ সন্মুখত মৃতদেহ ৰাখি বেজে আৰম্ভ কৰিলে বেজালি। এটা সম্পূৰ্ণ দিন বেজালি কৰি মৃত মহিলাগৰাকীক জীয়াই তুলিবলৈ চেষ্টা কৰি অৱশেষত পলায়ন কৰে ভণ্ড বেজে। এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি