এক শিহৰণকাৰী ঘটনা। গাৰ নোম শিয়ৰি উঠা ঘটনা সংঘটিত হৈছে চৰাইদেউ জিলাৰ সোণাৰিত। তিনিজন জীৱশ্ৰেষ্ঠই মিলি হত্যা কৰিলে এগৰাকী চাৰি বছৰীয়া কন্যা শিশুক। কালী সাধক বগাধৰ মুণ্ডা, মৃত শিশুটিৰ পিতৃ আন্তা মুণ্ডা আৰু সহযোগী ৰাজু মুণ্ডাৰ বৰ্বৰ কাণ্ড। জয়াল নিশা চিংল' নদীৰ কাষলৈ লৈ গ'ল কণমানি জনীক আৰু তাৰ পিছতেই আৰম্ভ হ'ল কালী সাধকৰ কালী পূজা।
কালীসাধক বগাধৰ মুণ্ডাই শিশুটিক ডিঙি কাটি হত্যা কৰি পেলাই দিলে চিংল' নদীত। বলি বিধান বিশ্বাস কৰা পিতৃ আৰু ৰাজু মুণ্ডাই সহযোগ কৰিলে এই ঘটনাক। চিংল' লাইনৰ বগাধৰ মুণ্ডা কনিষ্ঠ কন্যা চাৰিদিন পূৰ্বে কোনোবাই অপহৰণ কৰিলে বুলি চফ্ৰাই আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল। সম্পূৰ্ণ এখন নাটক সৃষ্টি কৰি পিছফালৰ দুৱাৰ ভাঙি অপহৰণ কৰা বুলি আৰক্ষীক বিপথে পৰিচালিত কৰিব বিচাৰিছিল। কিন্তু আৰক্ষীয়ে অধিক তদন্ত কৰি সত্য উদঘাটন কৰিবলৈ সক্ষম হয় আৰু চিংল' নদীত উদ্ধাৰ কৰে চাৰিবছৰীয়া কন্যা শিশু গৰাকীৰ মৃতদেহ।
কিন্তু কিয় হত্যা কৰিলে কণমানিজনীক। চিংল' লাইনৰ নিবাসী আন্তা মুণ্ডাই জন্ম দিছিল ছয় গৰাকীকৈ কন্যা সন্তান। কিন্তু ষষ্ঠ গৰাকী কন্যা সন্তান জন্ম দিয়াৰ পিছতেই এদিন হঠাৎ আন্তা মুণ্ডাৰ পত্নী মৃত্যু মুখত পৰে। তাৰ পিছতেই কালীসাধক ৰূপী বগাধৰ মুণ্ডাই আন্তাক কণমানিজনী ডাইনী বুলি প্ৰকাশ কৰে। অৱশেষত বগাধৰ মুণ্ডাৰ কথা মতেই কালী মাঁৰ ওচৰত চাৰিবছৰীয়া শিশু কন্যাক বলি দিলে সকলো খণ্ডন হ'ব বুলি পতিয়ন নিয়াই বুলি অভিযোগ উঠিছে।
কিন্তু সাৰি নগ’ল আৰক্ষীৰ তদন্তৰ পৰা। আৰক্ষীয়ে এই ঘটনাত জড়িত কালীসাধক বগাধৰ মুণ্ডা, পিতৃ আন্তা মুণ্ডা আৰু ৰাজু মুণ্ডাক গ্ৰেপ্তাৰ কৰিছে। অনুসন্ধান সম্পূৰ্ণ হ'লে প্ৰকৃত তথ্য পোহৰলৈ আহিব বুলি সদৰি কৰিছে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষকে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|